১১ ঘন্টীয়া অৰুণাচল প্ৰদেশ বন্ধত স্তব্ধ জনজীৱন

১১ ঘন্টীয়া অৰুণাচল প্ৰদেশ বন্ধত স্তব্ধ জনজীৱন

author-image
asomiyapratidin
New Update
১১ ঘন্টীয়া অৰুণাচল প্ৰদেশ বন্ধত স্তব্ধ জনজীৱন

ডিজিটেল সংবাদ, ইটানগৰঃ সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰি মঙলবাৰে ১১ ঘন্টীয়া অৰুণাচল প্ৰদেশ বন্ধৰ আহ্বান দিছে৷ বৰ্তমানলৈকে শান্তিপূৰ্ণ পৰিৱেশ দেখিবলৈ পোৱা গৈছে এই ১১ ঘন্টীয়া অৰুণাচল প্ৰদেশ বন্ধ কাৰ্যসূচী৷ অৰুণাচলৰ ৰাজধানী ইটানগৰ, নাহৰলগুন, দৈমুখ আদি ঠাইৰ দোকান-পোহাৰৰ লগতে যান বাহনৰ চলাচল বন্ধ আছে৷

পথৰ কাষে কাষে বহু ঠাইত আপছু কৰ্মীসকলে অবস্থান গ্ৰহণ কৰি বন্ধ কাৰ্সূচীৰ তদাৰক কৰিছে৷ ঠায়ে ঠায়ে আপছু কৰ্মীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে৷ এই সময়লৈকে কোনো অপ্ৰীতিকৰ ঘটনাৰ বাতৰি লাভ কৰা হোৱা নাই৷ এই বন্ধ কাৰ্যসূচীৰ পৰা অৱশ্যে অত্যাবশ্যকীয় আৰু জৰুৰী সেৱা সমুহক ৰেহাই দিয়া হৈছে৷

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৫০ বছৰ পূৰ্বে বাংলাদেশৰ পৰা পলাই অহা চাকমা আৰু হাজং সম্প্ৰদায়ৰ কেইবাহেজাৰ লোকক শৰণাৰ্থী হিচাপে অৰুণাচলত সংস্থাপিত কৰিছিল৷ এতিয়া এওলোকৰ সংখ্যা লাখৰো অধিক হৈছেগৈ৷

অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই এই চাকমা-হাজং সকলক অৰুণাচলৰ পৰা খেদি পঠিওৱাৰ বাবে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হ'লে অৰুণাচলৰ লক্ষাধিক চাকমা-হাজঙ নিশাটোৰ ভিতৰতে ভাৰতীয় নাগৰিক হৈ পৰাৰ লগতে অৰুণাচল প্ৰদেশৰ ভূমিত গজগজীয়া হৈ পৰিব৷ সেয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশটো ব্যাপক প্ৰতিবাদ আৰম্ভ হৈছে।