অৰুণাচলত পুনৰ গাঞ্জাসহ আটক অসমৰ যুৱক

অৰুণাচলত পুনৰ গাঞ্জাসহ আটক অসমৰ যুৱক

author-image
asomiyapratidin
New Update
অৰুণাচলত পুনৰ গাঞ্জাসহ আটক অসমৰ যুৱক

ডিজিটেল সংবাদ, ওদালগুৰিঃ অৰুণাচলৰ চামফুং বৰ্ডাৰ আউট পোষ্টৰ এছ এছ বিৰ ৬১ নং বেটেলিয়ান আৰু খালাকটাং আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই খালাকটাঙৰ পৰা গাঞ্জা সহ এজন অসমৰ যুৱকক আটক কৰিব সক্ষম হৈছে। বৃহস্পতিবাৰে বিশেষ সুত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত এছ এছ বিৰ কামাণ্ডেণ্ট প্ৰমোদ কুমাৰ আগৰৱালৰ পৰ্যবেক্ষনত চলা অভিযানটোত এটা ঘৰৰ পৰা ১৪০ কেজি গাঞ্জা সহ অসমৰ যুৱক জনক আটক কৰে যুটীয়া অভিযানকাৰী দলটোৱে।

আটকাধীন অসমৰ যুৱক জন হ'ল ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ সোণাৰী গাঁৱৰ দেৱ কুমাৰ কাশ্যপ। আটকাধীন যুৱকজনে অৰুণাচলৰ খালাকটাঙত অস্থায়ী ভাৱে ঘৰ সাজি দৈনিক হাজিৰা কাম কৰি আছিল বুলি জানিব পৰা গৈছে। পিছত এছ এছ বিয়ে জব্দ কৰা গাঞ্জা সহ যুৱকজনক খালাকটাং আৰক্ষী চকীত চমজাই দিয়ে।

উল্লেখ যে, যোৱা এপ্ৰিলৰ মাহটো অৰুণাচলত গাঞ্জা সহ অসমৰ দুজন যুৱকক আটক কৰিছিল এছ এছ বিৰ ৬১ নং বেটেলিয়ানে।