/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/CORONA-ARUNACHAL.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশৰ টেজুত ধৰা পৰিল ৰাজ্যখনৰ প্ৰথমজন কোৰোনা আক্ৰান্ত ব্যক্তি। লোহিত জিলা প্ৰশাসনে নিশ্চিত কৰিছে এই কথা। আক্ৰান্ত ব্যক্তিজন যোৱা ১৪ আৰু ১৫ মাৰ্চত দিল্লীৰ নিজামুদ্দিনত অনুষ্ঠিত হোৱা মাৰ্কাজ তবলিগ উলেমাত অংশগ্ৰহণ কৰাৰ লগতে ভাৰতত কৰোনা ভাইৰাছৰ অভিকেন্দ্ৰ বুলি পৰিগণিত হোৱা নিজামুদ্দিন মাৰ্কাজতে দুটাকৈ নিশা কটাইছিল। অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ মেড'ত পিতৃ-মাতৃৰ লগত বসবাস কৰা লোকজনক চাৰিদিন পূৰ্বৰে পৰা পৰিয়ালৰ আন লোকসকলৰ লগতে আইছ'লেশ্যনত ৰখা হৈছিল।
অৰুণাচল প্ৰদেশৰ কোৰোনা আক্ৰান্ত লোকজনৰ নাম আব্দুল খান তালুকদাৰ। বয়স ৩১ বছৰ। লোকজন অবিবাহিত। যোৱা ১৯ মাৰ্চত ব্ৰহ্মপুত্ৰ মেইলেৰে তিনিচুকীয়ালৈ আহিছিল দিল্লীৰ পৰা। তেওঁৰ লগত আছিল অৰুণাচল প্ৰদেশৰ আন সাতজন ব্যক্তি। তেওঁলোক আটাইকেইজনেই নিজামুদ্দিনৰ মাৰ্কাজৰ তবলিগ উলেমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। তিনিচুকিয়াৰ পৰা তেওঁলোক অৰুণাচলৰ নামচাইলৈ যায়। ১৯ মাৰ্চৰ নিশাটো তেওঁলোকে নামচাই মছজিদত কটাই।
তাৰ পৰা আব্দুল খান এখন মেজিকত উঠি চৌখামলৈ যায় আৰু তাৰ পৰা এখন অটোৰিক্সা লৈ মেডোলৈ যায়। মেডোতে তেওঁ যোৱা ২০ মাৰ্চৰ পৰা পৰিয়ালৰ লগত আছিল। অৱশ্যে তেওঁ ২০ তাৰিখৰ পৰা আছুতীয়াকৈ আছিল। যোৱা ২৯ তাৰিখৰ পৰা আব্দুল খানৰ পৰিয়ালটোক পৰশুৰাম কুণ্ডৰ এটা গৃহত আইছ'লেশ্যনত ৰখা হয়। সম্প্ৰতি আব্দুল খান তালুকদাৰক তেজুলৈ অনা হৈছে। কোৰোনাত আক্ৰান্ত হৈছে যদিও তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটা নাই বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। আনহাতে আব্দুল খান তালুকদাৰৰ লগতে দিল্লীৰ নিজামুদ্দিনৰ পৰা অহা আন সাতজন লোককো আছুতীয়াকৈ ৰখা হৈছে আৰু তেওঁলোকৰ সংস্পৰ্ষলৈ অহা লোকসকলৰ অনুসন্ধান আৰম্ভ কৰিছে নামচাই আৰু লোহিত জিলা প্ৰশাসনে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us