/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/artilary-assam-rifles-and-nscnim.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ মণিপুৰৰ সেনাপতি জিলাত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)ৰ এদল সশস্ত্ৰ কেডাৰে কৰ্তব্যৰত আছাম ৰাইফলছৰ জোৱানৰ পৰা অস্ত্ৰ কাঢ়ি শাৰিৰীকভাৱে অপদস্থ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি বৃহস্পতিবাৰে সেনাপতি জিলাৰ টাহামাজাম হেড কাৱাৰ্টাৰত নিয়োজিত আছাম ৰাইফলছ আৰু ইছাক মুইভা গোটৰ নগা আৰ্মিৰ মাজত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/d9d6a0ec-06bc-4450-b0c7-a0e8a0f1802f.jpg)
জানিব পৰা মতে বৃহস্পতিবাৰে আছাম ৰাইফলছৰ এজন কেপ্তেইনৰ নেতৃত্বত সেনাৰ দলটোৱে এন এছ চি এন (আই এম)ৰ সশস্ত্ৰ কেডাৰসকলক প্ৰত্যাহ্বান জনাইছিল। আছাম ৰাইফলছৰ জোৱানসকলে এনে কাৰ্যত ক্ষুন্ন হৈ পৰাত সংঘাতৰ সৃষ্টি হয়। লগে লগে এন এছ চি এনৰ দলটোৱে ঘেৰি লৈ আছাম ৰাইফলছৰ গ্ৰুপ কেপ্তেইনজনক আটক কৰি ৰাইফলছৰ তেওঁৰ অস্ত্ৰ কাঢ়ি লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/f2bfc182-eaba-4be3-839e-c6127cc036c0.jpg)
লগতে সেনা বিষয়াজনকো মাৰধৰ কৰে। পিছত অৱশ্যে মানৱীয়তাৰ খাটিৰত কেপ্তেইনজনক অস্ত্ৰসহ মুকলি কৰি দিয়ে। সম্প্ৰতি এই ঘটনাই মণিপুৰত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।