/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/new-murder-arnomai.jpg)
ডিজিটেল ডেস্কঃ সমগ্ৰ অসম কপাই যোৱা অৰ্ণমাই বৰা হত্যাকাণ্ডৰ চূড়ান্ত ৰায় প্ৰদান কৰিলে বুধবাৰে। এই বলাৎকাৰ আৰু হত্যাকাণ্ডৰে জড়িত মূল দোষী মইনুল হকক ফাঁচীৰ নিৰ্দেশ দিয়াৰ লগতে হত্যাকাণ্ডৰে জড়িত আনজন দোষীক ছেলিমক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে আদালতে। ২০১৭ চনৰ ৩১মে'ত হোজাইৰ যমুনামুখত এইগৰাকী প্ৰধান শিক্ষয়িত্ৰীক দুই পাষণ্ডই বলাৎকাৰ কৰি অতি নিৰ্মমভাৱে হত্যা কৰিছিল।
আনকি হত্যা কৰাৰ পিছত অৰ্ণমাই বৰাৰ মৃতদেহ পেলাই দিছিল কপিলী নৈত। ৫৮বছৰীয়া প্ৰধান শিক্ষয়িত্ৰী বৰাৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।যমুনামুখ এলাচি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আছিল অৰ্নমাই বৰা৷ সেইদিনা স্কুল ছুটী দি ঘৰলৈ যোৱাৰ সময়তেই সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/arnomai-1-1024x768.jpg)
আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত চেলিম উদ্দিন আৰু মইনুল হক নামৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ জেৰাত এই ঘটনাৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ কৰিছিল দুই অভিযুক্তই। আদালতে দুয়োকে দোষী সাব্যস্ত কৰাৰ পাছত আজি দুয়োকে এই শাস্তি প্ৰদান কৰে হোজাই জিলা সত্ৰ ন্যায়াধীশ এন এছ দেউৰীৰ আদালতে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/arnomai-2-1024x768.jpg)
২৪ জুলাইত দুয়োকে দোষী সাব্যস্ত কৰাৰ পিছত আজি এই বৰ্বৰ কাণ্ডৰ সৈতে জড়িত অপৰাধী দুটাক কি শাস্তি প্ৰদান কৰে তাক লৈ উৎসুক হৈ পৰিছিল সমগ্ৰ ৰাজ্যবাসী। হোজাই জিলাৰ শংকৰদেৱ নগৰস্থিত আদালতৰ চৌহদত পুৱা ১০ বজাৰ পৰাই জনস্ৰোত আৰম্ভ হয়। সমান্তৰালভাৱে আৰক্ষীয়েও কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছিল আদালত চৌহদত।
আদালতৰ ৰায়দানৰ পিছতে সন্তুষ্টি ব্যক্ত কৰিছে বিভিন্ন দল-সংগঠনে। উল্লেখ্য যে এই কাণ্ডৰে জড়িত অপৰাধীক ইতিমধ্যে মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰো দাবী উত্থাপিত হৈছিল।