মেঘালয়ত কয়লা মাফিয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত সক্ৰিয় সমাজকৰ্মী এগ্নেছ খাৰছিং

মেঘালয়ত কয়লা মাফিয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত সক্ৰিয় সমাজকৰ্মী এগ্নেছ খাৰছিং

author-image
asomiyapratidin
New Update
মেঘালয়ত কয়লা মাফিয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত সক্ৰিয় সমাজকৰ্মী এগ্নেছ খাৰছিং

ডিজিটেল সংবাদ, শ্বিলংঃ মেঘালয়ৰ দুৰ্নীতি বিৰোধী আন্দোলনৰ সক্ৰিয় কৰ্মী এগ্নেছ খাৰছিঙৰ ওপৰত আক্ৰমণ সংঘটিত কৰা ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুৰ্নীতিৰ বিৰোধিতা জনোৱাৰ লগতে নাৰীৰ অধিকাৰৰ হকে সংগ্ৰাম কৰি অহা মহিলা নেত্ৰীগৰাকীক বৃহস্পতিবাৰে ৰাজ্যখনৰ পূব জয়ন্তীয়া হিলছত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে।

স্থানীয় লোকসকলে খাৰছিঙক কয়লা মাফিয়াই আক্ৰমণ চলোৱা বুলি আশংকা ব্যক্ত কৰে। দীৰ্ঘদিন ধৰি ৰাজ্যখনত কয়লা মাফিয়াই অব্যাহত ৰখা অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে সৰৱ হৈ পৰালৈ চাই খাৰছেঙৰ ঘনিষ্ঠ মহলেও একে মন্তব্য কৰা দেখা গৈছে। সম্প্ৰতি স্থানীয় এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত খাৰছিং।

দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি লোকায়ুক্ত নিযুক্তি দিয়াৰ পিছতে সংঘটিত এই ঘটনাই পাহাৰীয়া ৰাজ্যখনত দুৰ্নীতি-অনিয়মে কেনে ভয়াৱহ ৰূপ লৈছে তাৰ ইংগিত বহন কৰিছে বুলিও এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে। উল্লেখ্য যে লুইছ বাৰ্জাৰ কেলেংকাৰীৰ বিৰুদ্ধেও মাত মাতি আহিছিল মেঘালয়ৰ খাৰছিঙে।

দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম চলাই অহা খাৰছিঙক এনেদৰে আক্ৰমণ চলোৱা কাৰ্যক সহজভাৱে ল'ব পৰা নাই দল-সংগঠনসমূহে। এক বিবৃতিযোগে এই ঘটনাক 'স্বৰাজ অসম'ৰ হৈ তীব্ৰভাৱে গৰিহণা জনাই দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে ভৱেন সন্দিকৈয়ে।