কিহৰ ইংগিত! মিজোৰামত ধাৰাবাহিক ভূমিকম্প…

কিহৰ ইংগিত! মিজোৰামত ধাৰাবাহিক ভূমিকম্প…

author-image
asomiyapratidin
New Update
কিহৰ ইংগিত! মিজোৰামত ধাৰাবাহিক ভূমিকম্প…

ডিজিটেল ডেস্কঃ বিগত প্ৰায় এসপ্তাহ ধৰি মিজোৰাম কপাঁই গৈছে কেইবাটাও ভূমিকম্পই। শেহতীয়াকৈ বুধবাৰে পুনৰ ৰাজ্যখনত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। বুধবাৰে পুৱা ৮.০২বজাত অনুভূত হোৱা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল প্ৰায় ৪.১।

প্ৰাপ্ত খবৰ অনুসৰি এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ছম্ফাইৰ পৰা ৩১ কিঃমিঃ নিলগত। উল্লেখ্য যে, যোৱা মঙলবাৰে নিশা ১১বজাতো মিজোৰামত অনুভূত হৈছিল ভূমিকম্প। এই ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৩.২। সোমবাৰেও মিজোৰামত অনুভূত হৈছিল ৫.৩ প্ৰাৱল্যৰ ভূমিকম্পৰ। এই ভূমিকম্পত যথেষ্ট ক্ষয়ক্ষতি হৈছিল ৰাজ্যখনত।