/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/9204a94b-88e6-453a-b28e-ffb32b4c7ee5.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডৰ কাৰিকৰী শিক্ষাৰ ছাত্ৰবৃত্তি পুঁজি কেলেংকাৰী উপযুক্ত তদন্ত বিচাৰি মঙলবাৰে অল নাগালেণ্ড কলেজ ষ্টুডেণ্ট ইউনিয়নে নাগালেণ্ডৰ সচিবালয়ৰ সন্মুখত কৰা আমৰণ অনশন প্ৰতিবাদী কাৰ্যসূচী ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে পানী হিলৈ আৰু লাঠি ছাৰ্জ কৰাত ৰাজধানী কহিমাত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/0b155d5d-e4b3-44ba-8de5-0e82ee9900e5-1024x872.jpg)
মঙলবাৰে পুৱা নাগালেণ্ডৰ বিভিন্ন কলেজৰ শতাধিক শিক্ষাৰ্থীসকলে নাগালেণ্ডৰ বিধানসভা সচিবালয়ৰ সন্মুখত ১.৩২ কোটি টকীয়া কাৰিকৰী শিক্ষা ছাত্ৰবৃত্তি পুঁজিৰ কেলেংকাৰীৰ উচিত তদন্ত বিচাৰি অনিদিষ্টকালিন আমৰণ অনশনৰ বাবে একত্ৰিত হয়। ইয়াৰ পিছত ছাত্ৰসকলে ২০১৪-১৬ বৰ্ষ কাৰিকৰী শিক্ষা বিভাগৰ ছাত্র ছাত্ৰী বাবে আবন্টিত পুঁজিৰ অপব্যৱহাৰ আৰু হৰলুকি হোৱাৰ উচিত তদন্ত বিচাৰি চৰকাৰক শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে নাগা আৰক্ষীয়ে শতাধিক জোৱানে প্ৰতিবাদীক ছত্ৰভংগ দিয়াবলৈ লাঠি ছাৰ্জ আৰু পানী হিলৈ নিক্ষেপ কৰে। ফলত সচিবালয়ৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/9a3dff9e-672e-4e6d-99ca-1d183806dbe0-1024x467.jpg)
ইপিনে আৰক্ষী এনে অমানবীয় আৰু বৰ্বৰ কাৰ্যৰ প্ৰতিবাদ জনাই একাংশ ছাত্র আৰক্ষীৰ সৈতে খণ্ড যুদ্ধত লিপ্ত হয়। আৰক্ষীয়ে ইতিমধ্যে এই প্ৰতিবাদ কাৰ্যসূচী নেতৃত্বত দিয়া অল নাগালেণ্ড কলেজ ষ্টুডেণ্ট ইউনিয়নৰ সভাপতিকে ধৰি অন্য পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে সদৰী কৰামতে বিধানসভাৰ সচিবালয়ৰ সন্মুখৰ পথৰ ওপৰত ছাত্ৰসকলক অনশনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ প্ৰশাসনে অনুমতি দিয়া নাছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/263dbabb-0429-48cd-bbad-b456dfd68d2d-971x1024.jpg)
যাৰ বাবে এনেদৰে লাঠি ছালনা কৰিবলৈ বাধ্য হয়। ইফালে কলেজ ষ্টুডেণ্ট ইউনিয়ন কৈছে যে, তেওঁলোকে সোমবাৰে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ আৰু এ এন চি এছ ইউৰ অধ্যক্ষ কেথপি অৱমিক ১.৩২ কোটি টকীয়া ছাত্ৰবৃত্তি উচিত তদন্ত আৰু কাৰিকৰী শিক্ষা বিভাগৰ সঞ্চালকৰ শীঘ্ৰে পদত্যাগ দাবী জনাই স্মাৰকপত্ৰ প্ৰদান কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/72d45c3b-7f62-4b06-a0c6-7da38bd20c70-1024x467.jpg)
এই সন্দৰ্ভত চৰকাৰে কোনো সুদুত্তৰ দিয়া নাই বুলি তেওঁলোকে উল্লেখ কৰে। যাৰ বাবে তেওঁলোকে মঙলবাৰে বিধানসভাৰ সচিবালয়ৰ সন্মুখত আমৰণ অনশন কৰিবলৈ বাধ্য হৈছে। ইপিনে মঙলবাৰে এই উত্তপ্ত পৰিস্থিতিৰ পিছতে নাগালেণ্ডৰ উচ্চ শিক্ষা বিভাগৰ মন্ত্ৰী টেমজন ইমনা লংকুমাৰে এই বুলি আশ্বাস দিয়া যে, কেলেংকাৰীৰ তদন্তত দোষী সাব্যস্ত হোৱা সকলক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/4aade9e1-32d5-4a51-8bb1-a54f1a1612c4-1024x467.jpg)
লগতে ভৱিষ্যতে ছাত্রবৃত্তিৰ পুঁজিৰ এনে খেলিমেলি হবলৈ নিদিয়ে। ইফালে নাগা ষ্টুডেণ্ট ফেডাৰেচনে নেইফিউ ৰিঅ চৰকাৰক এই কেলেংকাৰী উচিত তদন্ত দাবী কৰি অল নাগালেণ্ড কলেজ ষ্টুডেণ্ট ইউনিয়নৰ এই প্ৰতিবাদী কাৰ্যসূচীক সমৰ্থন আগবঢ়াইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/9a3dff9e-672e-4e6d-99ca-1d183806dbe0-1-1024x467.jpg)