অক্ষয় কুমাৰ মিশ্ৰ হ’ব নগা শান্তি আলোচনাৰ নতুন মধ্যস্থতাকাৰী…

অক্ষয় কুমাৰ মিশ্ৰ হ’ব নগা শান্তি আলোচনাৰ নতুন মধ্যস্থতাকাৰী…

author-image
asomiyapratidin
New Update
অক্ষয় কুমাৰ মিশ্ৰ হ’ব নগা শান্তি আলোচনাৰ নতুন মধ্যস্থতাকাৰী…

ডিজিটেল সংবাদ, ৱাখাঃ কেন্দ্ৰৰ পূৰ্ব চোৰাংচোৱা বিভাগৰ সঞ্চালক অক্ষয় কুমাৰ মিশ্ৰ হ'ব এন এছ চি এন মুইভা গোট আৰু ভাৰত চৰকাৰৰ মাজৰ নগা শান্তি আলোচনাৰ পৰৱৰ্তী নতুন মধ্যস্থতাকাৰী । এক বিশ্বস্ত সূত্ৰই জানিবলৈ দিয়া মতে আই বিৰ প্ৰাক্তন সঞ্চালক অক্ষয় কুমাৰ মিশ্ৰক আৰ এন ৰবিৰ ঠাইত স্থলাষাভিক্তি কৰিব বাবে গৃহমন্ত্ৰ্যালয়ে ইতিমধ্যে নিৰ্বাচিত কৰিছে । উল্লেখযোগ্য যে, অক্ষয় কুমাৰ মিশ্ৰ ১৯৮৭ বেটছৰ ভাৰতীয় প্ৰশাসনিক সেৱা গুজৰাটৰ শাখাৰ কেডাৰ। চলিত বৰ্ষত জুন মাহত অক্ষয় মিশ্ৰই কেন্দ্ৰীয় চোৰাংচোৱা অৰ্থাৎ আই বিৰ সঞ্চালক হিচাবে অৱসৰ গ্ৰহণ কৰিছে । মিশ্ৰই নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমৰ সৈতে ২০১৯ চনৰ ৩১অক্টোবৰ পৰা স্থবিৰ হৈ পৰা নগা শান্তি আলোচনা পুনৰোৎজীৱিত কৰিবলৈ ইতিমধ্যে দুবাৰকৈ আলোচনাত মিলিত হৈছে ।

Advertisment

অক্ষয় কুমাৰ মিশ্ৰৰ সৈতে নগা শান্তি আলোচনাসহ মধ্যস্থতাকাৰী হিচাবে আই বিৰ সঞ্চালক অৰবিন্দ কুমাৰে সহযোগ কৰিব । উল্লেখযোগ্য যে, ২০১৫ চনৰ ৩ আগষ্টত স্বাক্ষৰ কৰা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ মূল চুক্তিখনৰ কিছু শব্দ সা-সলনি কৰা আৰু নাগালিমৰ সুকীয়া পতাকা আৰু সংবিধানৰ বিষয় দুটাক লৈ এন এছ চি এন শীৰ্ষনেতা থুইংগালেং মুইভাৰ সৈতে আৰ এন ৰবিৰ মতবিৰোধ সৃষ্টি হোৱা চূড়ান্ত চুক্তি স্বাক্ষৰত উপনীত হোৱাৰ পিছতো আলোচনা স্থবিৰ হৈ পৰিছিল । ফলত বিগত দুবছৰ ধৰি নগা শান্তি আলোচনা স্তব্ধ হৈ আছে। কিয়নো এন এছ চি এন আই এমে আৰ এন ৰবিক মধ্যস্ততাকাৰী হিচাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাত যোৱা সপ্তাহত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅৰ নেতৃত্বত এটা দলে গৃহমন্ত্ৰী অমিত শ্বাহক আৰু বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বক সাক্ষাৎ কৰি শীঘ্ৰে নগা ৰাজনৈতিক সমাধান বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহবান জনোৱাৰ পাছতে এই ৰাজনৈতিক পট পৰিৱৰ্তন দেখিবলৈ পোৱা যায় । ৰবিৰ অপসাৰণ পিছতে নগা শান্তি আলোচনা পুনৰ সঠিক দিশত আগবাঢ়ি বুলি নগা জনসাধাৰণৰ আশা প্ৰকাশ কৰিছে ।