সন্ধান লাভৰ পাছত বায়ু সেনাৰ বিমানৰ ধ্বংসাৱশেষ উদ্ধাৰৰ বাবে অভিযান অব্যাহত

সন্ধান লাভৰ পাছত বায়ু সেনাৰ বিমানৰ ধ্বংসাৱশেষ উদ্ধাৰৰ বাবে অভিযান অব্যাহত

author-image
asomiyapratidin
New Update
অৰুণাচলত সন্ধানহীন হোৱা বিমানৰ ব্লেক বক্স আৰু নিহত ১৩ যাত্ৰীৰ মৃতদেহ উদ্ধাৰ…

ডিজিটেল ডেস্কঃ অৰুণাচলত যোৱা ১০ দিন ধৰি সন্ধানহীন হৈ থকা বায়ু সেনাৰ এএন-৩২ বিমানখনৰ ধ্বংসাৱশেষৰ সন্ধান পোৱাৰ পিছত সেই ধ্বংসাৱশেষ উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে উদ্ধাৰকাৰী দলে।

৯ দিনৰ অন্তত সাগৰীয় পৃষ্ঠৰ পৰা ১২ হাজাৰ ফুট উচ্চতাত সন্ধানহীন হোৱা বিমানখনৰ সন্ধান পাইছিল উদ্ধাৰকাৰী দলে। অত্যাধুনিক হেলিকপ্টাৰেৰে চলোৱা এই উদ্ধাৰ অভিযানত ইষ্ট চিয়াং জিলাৰ লাইপু অঞ্চলৰ পৰা ১৬ কিলোমিটাৰ নিলগৰ উত্তৰ দিশত বিমানখনৰ ধ্বংসাৱশেষৰ ফটো সংগ্ৰহ কৰা হৈছিল। বায়ু সেনাই ইতিমধ্যে সেই স্থান চিনাক্ত কৰি উদ্ধাৰকাৰী দলৰ সহযোগত ধ্বংসাৱশেষ উদ্ধাৰৰ বাবে আৰম্ভ কৰিছে অভিযান।

উল্লেখ্য যে, এই উদ্ধাৰ অভিযানত সামৰিক বাহিনী, নৌ সেনাৰ লগতে পৰ্বতাৰোহীয়েও অংশ লৈছে। অৱশ্যে বিমানখনত থকা যাত্ৰীসকলৰ সন্দৰ্ভত এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই বায়ু সেনাৰ কৰ্তৃপক্ষই।