২০১৯ৰ নিৰ্বাচন সমুখত লৈ কংগ্ৰেছৰ সমৰসজ্জা

২০১৯ৰ নিৰ্বাচন সমুখত লৈ কংগ্ৰেছৰ সমৰসজ্জা

author-image
asomiyapratidin
New Update
কৰ্ণাটকৰ নগৰ পালিকাৰ নিৰ্বাচনত কংগ্ৰেছৰ বৃহৎ সাফল্য

ডিজিটেল সংবাদ, শ্বিলংঃ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈ পৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছ। এই অনুযায়ী দলটোৱে উত্তৰ-পূবৰ ৭খন ৰাজ্যত নিযুক্ত কৰিছে কেন্দ্ৰীয় সম্পাদক।

অসমৰ পৰা জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্রী প্ৰদ্যুৎ বৰদলৈ আৰু বিহপুৰীয়া বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন বৰাক নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপে নিযুক্তি দিয়া হয়।

লগতে মেঘালয়ৰ পৰা জেনিথ চাংমা, চাৰ্লছ প্ৰিঙগ্ৰ'প, আমাপৰিন লিংদহৰ বিপৰীতে মণিপুৰৰ পৰা ভিক্টৰ কেইজিং আৰু ত্ৰিপুৰাৰ পৰা প্ৰদ্যুৎ দেৱ বৰ্মনকো সম্পাদক হিচাপে নিযুক্তি দিয়া হয়।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক অশোক গেহলটে নিৰ্দেশনাৰ জৰিয়তে প্ৰদ্যুৎ বৰদলৈক নাগালেণ্ডৰ তত্বাৱধায়কৰ দায়িত্ব দিয়াৰ লগতে ভূপেন বৰাক অৰ্পণ কৰে ত্ৰিপুৰাৰ দায়িত্ব।

আনহাতে, মেঘালয়ৰ কংগ্ৰেছ নেতা তথা অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ ভাতৃ জেনিথ চাংমাক অৰুণাচল প্ৰদেশৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়াৰ লগতে চাৰ্লছ প্ৰিঙগ্ৰ'পক মণিপুৰৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হয়।

উল্লেখ্য যে, মেঘালয়ৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী আমপাৰিন লিংদহক মিজোৰামৰ তত্বাৱধায়কৰ দায়িত্ব দিয়াৰ কথা সদৰী কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে। প্ৰদ্যুৎ দেৱ বৰ্মন আৰু ভিক্টৰ কেইজিংকো ক্ৰমে ছিকিম আৰু মিজোৰামৰ দায়িত্ব দিয়া হয়।

এনেদৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বিষয়ববীয়া নিযুক্তি দিয়ালৈ চাই দলটোৱে উত্তৰ-পূৰ্বাঞ্চলক বিশেষ গুৰুত্ব আৰোপ কৰা বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে।