নাগালেণ্ডক পুনৰ ৬মাহলৈ অশান্ত অঞ্চল ঘোষণাঃ বলবৎ হ’ল সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন, অসন্তুষ্ট নগা জনসাধাৰণ

নাগালেণ্ডক পুনৰ ৬মাহলৈ অশান্ত অঞ্চল ঘোষণাঃ বলবৎ হ’ল সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন, অসন্তুষ্ট নগা জনসাধাৰণ

author-image
asomiyapratidin
New Update
নাগালেণ্ডক পুনৰ ৬মাহলৈ অশান্ত অঞ্চল ঘোষণাঃ বলবৎ হ’ল সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন, অসন্তুষ্ট নগা জনসাধাৰণ

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ৱাখাঃ ভাৰত চৰকাৰে সন্ত্ৰাসবাদ দমনৰ বাবে প্ৰণয়ন কৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত নাগালেণ্ডক পুনৰ ছমাহলৈ অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিছে। কিছু সময় পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ট্ৰালয়ে জাৰি কৰা এক বিজ্ঞপ্তি যোগেদি এই কথা সদৰী কৰিছে। বিজ্ঞপ্তিত গৃহমন্ট্ৰালয়ে উল্লেখ কৰিছে যে, নাগালেণ্ডত এতিয়াও অশান্ত আৰু নাগৰিকৰ বাবে বিপদজনক পৰিৱেশ বৰ্তি থকাৰ হেতুকে কেন্দ্ৰই নাগৰিকসকলৰ সহায়ৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰৰ পৰা অহা ডিচেম্বৰ মাহলৈ পুনৰ ছমাহলৈ সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ বৃদ্ধি কৰিছে।

উল্লেখ্য যে, দেওবাৰে সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনৰ পূৰ্বৰ কাৰ্যকাল অন্ত পৰিছিল। সোমবাৰে কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডৰ আইন শৃংখলা পৰিস্থিতি অধ্যয়ন কৰি এনেদৰে পুনৰ কুখ্যাত আইনখনৰ কাৰ্যকাল বৃদ্ধি কৰে। স্মৰ্তব্য যে, যোৱা ২০১৫ চনৰ ৩ আগষ্টত নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমৰ সৈতে ফ্ৰেমৰ্ৱক এগ্ৰিমেণ্ট স্বাক্ষৰ কৰা পিছত নাগালেণ্ডৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনখন প্ৰত্যাহাৰ কৰিব বুলি নগা ৰাইজে আশা কৰিছিল যদিও শেহতীয়াকৈ এন এছ চি এন কেই সেনাৰ ওপৰত কৰা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনৰ কাৰ্যকাল বৃদ্ধি কৰে।