মেঘালয়ত অসমীয়া যাত্ৰীৰ ওপৰত নিৰ্যাতন, শিলচৰত পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ বৈঠক

মেঘালয়ত অসমীয়া যাত্ৰীৰ ওপৰত নিৰ্যাতন, শিলচৰত পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ বৈঠক

author-image
asomiyapratidin
New Update
মেঘালয়ত অসমীয়া যাত্ৰীৰ ওপৰত নিৰ্যাতন, শিলচৰত পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ বৈঠক

ডিজিটেল ডেস্কঃ মেঘালয়ত অসমীয়াৰ বিৰুদ্ধে চলোৱা নিৰ্যাতনৰ পিছত তৎপৰ হৈছে ৰাজ্য প্ৰশাসন। এই নিৰ্যাতনৰ বিৰুদ্ধে কাছাৰ জিলা প্ৰশাসন আৰু আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ মাজত বুধবাৰে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকত আইন-শৃংখলাৰ দায়িত্বত থকা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালা আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অংশগ্ৰহণ কৰে। শিলচৰৰ আৱৰ্ত ভৱনত অনুষ্ঠিত বৈঠকত বৰাক উপত্যকাৰ কেবাগৰাকী বিধায়কে অংশ লৈ মেঘালয়ত চলা এনে নিৰ্যাতনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

উক্ত বৈঠকতে এন আৰ চিক লৈ মমতা বেনাৰ্জীৰ মন্তব্যৰ পিছত বৰাক উপত্যকাত সৃষ্টি হব পৰা আইন-শৃংখলাজনিত পৰিস্থিতি সন্দৰ্ভতো আলোচনা কৰা হয়। উল্লেখ্য যে এন আৰ চি খচৰা প্ৰকাশৰ পিছতে ৪০ লক্ষাধিক লোকৰ নাম এই খচৰাত অন্তৰ্ভূক্ত নোহোৱাত চুবুৰীয়া ৰাজ্যখনৰ আৰক্ষী প্ৰশাসনে তৎপৰতা প্ৰকাশ কৰিছে।

মেঘালয়ৰ মাজেৰে বৰাকলৈ যোৱা পথটোত প্ৰতিখন বাহনতে আৰক্ষীৰ লগতে খাচী ছাত্ৰ সন্থাই তালাচী চকী স্থাপন কৰি অসমীয়াক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। লক্ষণীয় যে বুধবাৰে মেঘালয়ৰ বৰ্ণিহাট আৰক্ষীয়ে ৰিভয় জিলাৰ দণ্ডাধীশৰ উপস্থিতিত প্ৰতিখন বাহন পৰীক্ষা কৰিহে মেঘালয়ত প্ৰৱেশৰ অনুমতি দিছে। যিসকল লোকে পৰ্যাপ্ত ভাৰতীয় নাগৰিকৰ প্ৰৱেশ পত্ৰ প্ৰদৰ্শন কৰিব পৰা নাই তেওঁলোকক ঘূৰাই পঠিওৱাত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।