/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/07/how-to-apply-for-Aadhar.jpg)
প্ৰতিদিন সংবাদ ডিজিটেল ডেস্কঃ ৰাজ্যত এতিয়া আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত চলিছে ব্যাপক দুৰ্নীতি। একাংশ ব্যক্তিগত কোম্পানীৰ ছত্ৰ-ছায়াত এজেণ্টবোৰে চলাই আছে এই লুণ্ঠনৰাজ। আধাৰ কাৰ্ডৰ ৱেৱছাইটত উল্লেখ থকা মতে ইয়াৰ বাবে আধাৰ সেৱা কেন্দ্ৰসমূহে কোনো মাচুল লব নোৱাৰে যদিও আধাৰ কাৰ্ড বিচাৰি যোৱা ব্যক্তিৰ পৰা ৫০-২০০ টকা পৰ্যন্ত সংগ্ৰহ কৰি আছে একাংশ এজেণ্টে।
লামডিঙতো আধাৰ কাৰ্ডৰ নামত চলিছে ব্যাপক লুণ্ঠন। চহৰখনৰ এলাহাবাদ বেংকৰ সমীপত থকা আধাৰ সেৱা কেন্দ্ৰই আধাৰ কাৰ্ড প্ৰদানৰ নামত প্ৰতিজন লোকৰ পৰা সংগ্ৰহ কৰিছে ২০০-৩০০ টকাকৈ। গুৱাহাটীৰ ডাৰউইন (Darwin) নামৰ ব্যক্তিগত খণ্ডৰ কোম্পানীৰ ছত্ৰছায়াত এতিয়া ৰাজ্যজুৰি এনে লুণ্ঠনৰাজ চলি থকাৰ অভিযোগ উত্থাপিত হৈছে।