/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/new-governor-B23-copy.jpg)
ডিজিটেল ডেস্কঃ এক ডাঙৰ খবৰ। দেশৰ বহু কেইখন ৰাজ্যৰ ৰাজ্যপাল সলনি কৰা হৈছে। মুঠ ৮খন ৰাজ্যত নতুন ৰাজ্যপালক দিয়া হৈছে নিযুক্তি। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি মঙলবাৰে কৰ্ণাটক, মিজোৰাম, মধ্যপ্ৰদেশ, হিমাচলপ্ৰদেশ, গোৱা, ত্ৰিপুৰা, ঝাৰখণ্ড আৰু হাৰিয়ানাত নতুন ৰাজ্যপাল নিয়োগ কৰিছে কেন্দ্ৰীয় চৰকাৰে।
ছ'চিয়েল জাষ্টিচ এণ্ড এম্পাৱাৰমেটন্ৰ মন্ত্ৰী থাৱাৰ চন্দ গেহলটক দিয়া হৈছে কৰ্ণাটকৰ ৰাজ্যপালৰ দায়িত্ব। ইফালে, হিমাচলপ্ৰদেশৰ নতুন ৰাজ্যপাল হ'ল বান্দাৰু দত্তত্ৰেয়া। আনহাতে, হিমাচলপ্ৰদেশৰ নতুন ৰাজ্যপাল হিচাপে দায়িত্ব ল'লে ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে।
আনবোৰ ৰাজ্যৰ নতুন ৰাজ্যপালসকল ক্ৰমে- মিজোৰামৰ নতুন ৰাজ্যপাল হিচাপে হৰি বাবু কামভাম্পতি, মধ্যপ্ৰদেশৰ মংগুভাই চগনভাই, গোৱাৰ পিএছ শ্ৰীধৰণ পিল্লাই, ত্ৰিপুৰাৰ সত্যদেৱ নাৰায়ণ আৰ্য, ঝাৰখণ্ডৰ ৰমেশ বেইছ আৰু হাৰিয়ানাৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হ'ল বান্দাৰু দত্তত্ৰেয়াক।