অৰুণাচল প্ৰদেশত ৮ এন এছ চি এন কেডাৰৰ আত্মসমৰ্পণ…

অৰুণাচল প্ৰদেশত ৮ এন এছ চি এন কেডাৰৰ আত্মসমৰ্পণ…

author-image
asomiyapratidin
New Update
অৰুণাচল প্ৰদেশত ৮ এন এছ চি এন কেডাৰৰ আত্মসমৰ্পণ…

ডিজিটেল সংবাদ বেকাজান : অৰুণাচল প্ৰদেশৰ লংডিঙত আছাম ৰাইফলছ আৰু আৰক্ষীৰ ওচৰত বুধবাৰে নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ আঠ গৰাকীকৈ দুৰ্ধষ কেডাৰে আত্মসমৰ্পণ কৰে । সুৰক্ষা বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰা বিদ্ৰোহী কেইজনৰ ভিতৰত ৩ গৰাকী এন এছ চি এন ৰিফাৰমেচন গোট আৰু ৫ গৰাকী ম্যানমাৰস্থিত য়ুংগ আঙ গোটৰ ।

জানিব পৰামতে লংডিঙ আৰক্ষী আৰু আছাম ৰাইফলছে অঞ্চলটো যৌথ অভিযান চলোৱাৰ কথা আছিল কিন্তু তাৰ পূৰ্বে এন এছ চি এনৰ কেডাৰ কেইজনে এনেদৰে আত্মসমৰ্পণ কৰি মূলসুঁতি উভতি আহিবলৈ আৰক্ষী সৈতে যোগাযোগ কৰে । এন এছ চি এনৰ সদস্য সকলে আৰক্ষীক জনোৱা মতে সংগঠনত থাকিবলৈ কঠিন হৈ পৰাৰ বাবে তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । লগতে তেওঁলোকে শীৰ্ষ নেতৃত্বতক হিংসা ত্যাগ কৰিবলৈ আহবান জনায় ।