নগা পিপলছ ফ্ৰণ্টত মুকলি বিসম্বাদ, ৭ বিধায়কৰ মুকলি সমৰ্থন নেইফিঅ’ ৰিঅ’ৰ পিডিএ চৰকাৰক

নগা পিপলছ ফ্ৰণ্টত মুকলি বিসম্বাদ, ৭ বিধায়কৰ মুকলি সমৰ্থন নেইফিঅ’ ৰিঅ’ৰ পিডিএ চৰকাৰক

author-image
asomiyapratidin
New Update
নগা পিপলছ ফ্ৰণ্টত মুকলি বিসম্বাদ, ৭ বিধায়কৰ মুকলি সমৰ্থন নেইফিঅ’ ৰিঅ’ৰ পিডিএ চৰকাৰক

ডিজিটেল সংবাদ, ৱাখাঃ হঠাৎ পট পৰিৱৰ্তন ঘটিছে নাগালেণ্ডৰ ৰাজনীতিত। পুনৰ বিসম্বাদত জৰ্জৰিত হৈছে নাগালেণ্ডৰ বিৰোধী দল নগা পিপলছ ফ্ৰণ্ট। সোমবাৰে তাৰে বহিঃপ্ৰকাশ ঘটাই এনপিএফৰ ৭গৰাকী বিধায়কে সমাগত লোকসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন কৰাৰ প্ৰতিবাদ জনায় মুকলিকৈ নেইফিঅ' ৰিঅ'ৰ নেতৃত্বতৰ চৰকাৰক সমৰ্থন জনোৱাৰ লগতে লোকসভাৰ প্ৰাৰ্থী টখেহু য়েপথমিক সমৰ্থন কৰে।

সোমবাৰে মুখ্যমন্ত্ৰী ৰিঅ'ক সাক্ষাৎ কৰি চৰকাৰক সমৰ্থন জনোৱা নগা পিপলছ ফ্ৰণ্টৰ বিসম্বাদী বিধায়ক কেইজন হ'ল ক্ৰমে- টুৱেনচাঙৰ কেজং চাঙ, মকাৰ ই ই পাঙটেঙ, আবৈৰ ইছাক কন্যাক, টেহকৰ চি এল জন, টামলুৰ বি এছ নাঙলাঙ, মনৰ এন টি কন্যাক আৰু টুৱেনচাঙৰ দুই সদৰ সমষ্টিৰ টয়াঙ চাঙ।

তেওঁলোকে পিডিএ চৰকাৰক মুকলি সমৰ্থন জনোৱাৰ সন্দৰ্ভত বিধায়ক কেইজনে এক প্ৰেছ বাৰ্তা কয় যে নাগালেণ্ডত নেইফিঅ' ৰিঅ'ৰ নেতৃত্বত এখন প্ৰগতিশীল আৰু বিকাশমুখী চৰকাৰৰ বাবে তেওঁলোকে এনেদৰে সমৰ্থন জনাইছে। তেওঁলোকে ৰিঅ'ক নিজৰ স্বাক্ষৰিত সমৰ্থন পত্ৰ অৰ্পণ কৰে।

আনহাতে বিসম্বাদী বিধায়ক কেইজনে এনপিএফৰ নেতৃত্বৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰি কয় যে নগা পিপলছ ফ্ৰণ্টে দলৰ নীতি আদৰ্শক জলাঞ্জলি দি কংগ্ৰেছৰ প্ৰাৰ্থী কে এল ছিছিক সমৰ্থন জনোৱাৰ বাবে তেওঁলোকে এই সিদ্ধান্ত লয়। উল্লেখযোগ্য যে এইবাৰ নগা পিপলছ ফ্ৰণ্টে লোকসভা নিৰ্বাচনত নিজা প্ৰাৰ্থীৰ থিয় কৰোৱা নাই।