তুষাৰস্খলনৰ ফলত নিহত ৭ সেনা জোৱান…

তুষাৰস্খলনৰ ফলত নিহত ৭ সেনা জোৱান…

author-image
asomiyapratidin
New Update
তুষাৰস্খলনৰ ফলত নিহত ৭ সেনা জোৱান…

ডিজিটেল ডেস্কঃ অৱশেষত উদ্ধাৰ হ'ল অৰুণাচল প্ৰদেশৰ কামেং সীমান্তত সন্ধানহীন হৈ থকা ৭ জোৱানৰ নশ্বৰদেহ। বিগত দেওবাৰে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত চহল দিয়াৰ অৱস্থাতে তুষাৰস্খলনত আৱদ্ধ হৈ পৰে বহু কেইজন ভাৰতীয় সেনা জোৱান। ইয়াৰে ৭ জন জোৱান তুষাৰস্খলনৰ ফলত সন্ধানহীন হৈ আছিল।

Advertisment

অৱশেষত মঙ্গলবাৰে কামেঙ সীমান্তৰ জাংগাবস্তিৰ মামিংহাট এলেকাত সন্ধানহীন হৈ থকা আটাইকেইজন সেনা জোৱানৰ নশ্বৰদেহ উদ্ধাৰ কৰে উদ্ধাকাৰী দলে। প্ৰায় ১৪ হাজাৰ ৫০০ ফুট উচ্চতাত দেশৰ সুৰক্ষাৰ কামত নিয়োজিত হৈ থকা এই সেনা জোৱান কেইজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে শোকৰ ছাঁ পৰিছে।