নগা পিপলছ ফ্ৰণ্টৰ ৬ বিসম্বাদী বিধায়কলৈ কাৰণ দৰ্শোৱাৰ জাননী

নগা পিপলছ ফ্ৰণ্টৰ ৬ বিসম্বাদী বিধায়কলৈ কাৰণ দৰ্শোৱাৰ জাননী

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

ডিজিটেল সংবাদ, ৱাখাঃ নগা পিপলছ ফ্ৰণ্ট দলৰ অনুশাসন সমিতিয়ে সোমবাৰে দলৰ নীতি আদৰ্শৰ বিৰুদ্ধে গৈ আগন্তুক লোকসভা নিৰ্বাচনত পিডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী টখেহু য়েপথমিক মুকলি সমৰ্থন জনোৱা ছয় গৰাকী বিসম্বাদী বিধায়কলৈ আজি কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে। নগা পিপলছ ফ্ৰণ্টৰ অনুশাসন সমিতিৰ সমন্বয়কে এক প্ৰেছ বাৰ্তাত কয় যে, এয়োদশ নাগালেণ্ড বিধানসভালৈ নিৰ্বাচিত হোৱাৰ সময়ত এই বিসম্বাদী বিধায়কসকলে এন পি এফ দলৰ সংবিধান আৰু নীতি আদৰ্শ প্ৰতি দায়বদ্ধ হম বুলি সংকল্প লৈছিল কিন্তু সোমবাৰে তেওঁলোকে দলৰ সংবিধানৰ বিৰুদ্ধে গৈ পিডিএ মিত্ৰজোঁটক সমৰ্থন কৰে।

ফলত দলে তেওঁলোকৰ বিৰুদ্ধে কিয় অনুশাসন ব্যৱস্থা গ্ৰহণ নকৰিব তাৰ কাৰণ দৰ্শাবলৈ জাননী জাৰি কৰে। উল্লেখ্য যে,
মঙলবাৰে কাৰণ দৰ্শোৱা জাননী জাৰি কৰাৰ বিধায়কসকল হ'ল কেজং চাং, ই ই পাংটে‌ং, ইছাক কন্যাক, বি এছ নংগলেংগ, এন টি কন্যাক আৰু টায়ং চাং।