মেঘালয়ত নদীত বাগৰিল যাত্ৰীবাহী বাছঃ ৬জন নিহত, অব্যাহত উদ্ধাৰ অভিযান…

মেঘালয়ত নদীত বাগৰিল যাত্ৰীবাহী বাছঃ ৬জন নিহত, অব্যাহত উদ্ধাৰ অভিযান…

author-image
asomiyapratidin
New Update
মেঘালয়ত নদীত বাগৰিল যাত্ৰীবাহী বাছঃ ৬জন নিহত, অব্যাহত উদ্ধাৰ অভিযান…

ডিজিটেল ডেস্কঃ মেঘালয়ত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। তুৰাৰ পৰা শ্বিলং অভিমুখী এখন যাত্ৰীবাহী বাগৰি পৰে নদীত। ৰাজ্যখনৰ নংচ্ৰামৰ ৰিংডী নদীত মাজনিশা ১২ বজাত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এই বাছখন। জানিব পৰা মতে, বাছখনত আছিল ২১জন যাত্ৰী। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতেই উক্ত স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে উদ্ধাৰকাৰী দলে।

Advertisment

স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, বৰ্তমানলৈ চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু দুটা মৃতদেহ এতিয়াও বাছখনৰ ভিতৰতে আৱদ্ধ হৈ আছে। আনহাতে, আন ১৬গৰাকী যাত্ৰীক উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে আৰু আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।