/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/07/national-register.jpg)
ডিজিটেল ডেস্কঃ মৰিগাঁৱত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰাত বিদেশীৰ নাম অন্তৰ্ভূক্ত হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। কিয়নো এটা দুটা নহয়, ৩৯ টাকৈ বিদেশী পৰিয়ালৰ নাম অন্তৰ্ভূক্ত হৈছে সদ্য প্ৰকাশিত এন আৰ চি তালিকাত।
বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ৰায়দান দিয়াৰ পিচতো কেনেকৈ এন আৰ চি খচৰাত পৰিয়ালকেইটাৰ নাম অন্তৰ্ভুক্ত হ'ল ইয়াকে লৈ এতিয়া সৃষ্টি হৈছে গভীৰ ৰহস্যৰ। মৰিগাঁও জিলাৰ উপায়ুক্ত হেমেন দাসে জানিবলৈ দিয়া অনুসৰি আসোঁৱাহ ধৰা পৰিছে পৰিয়াল কেইটাৰ এন আৰ চিৰ নথি-পত্ৰত।
উপায়ুক্ত গৰাকীয়ে জনোৱা মতে, সম্পূৰ্ণ খচৰাত নাম প্ৰকাশ পালেও কোনো সন্দেহযুক্ত নাগৰিকৰ নাম অন্তৰ্ভুক্ত নহয় এন আৰ চিৰ চূড়ান্ত তালিকাত। কিন্তু কি কাৰণত এন আৰ চি কৰ্তৃপক্ষই এনে এটা মাৰাত্মক ভুল কৰিলে সেই বিষয়ে কোনো মন্তব্য নকৰিলে উপায়ুক্ত হোমেন দাসে। বৰঞ্চ পৰীক্ষণ প্ৰক্ৰিয়াত বিশ্বাস ৰাখিবলৈহে ৰাইজক আহ্বান জনাই উপায়ুক্তজনে।
উল্লেখ্য যে, অসমত বৰ্তমানলৈকে প্ৰায় ১,২৫,৩৩৩ জন ডি-ভোটাৰ চিনাক্ত কৰা হৈছে। উপায়ুক্ত দাসে উল্লেখ কৰা মতে, কোনো ডি-ভোটাৰ, বিদেশী বিচাপে চিহ্নিত লোকৰ নাম সন্নিবিষ্ট নহয় এন আৰ চিত।
ইয়াৰ উপৰিও ১৯৭১চনৰ ২৪ মাৰ্চৰ মাজৰাতিৰ আগত অহা কোনো লোকৰ আত্মীয়ও যদি তাৰ পাচত অসমলৈ আহিছিল, তেনে লোকৰ নামো এন আৰ চিত অন্তৰ্ভূক্ত কৰা নহয়। এতিয়া চৰকাৰ আৰু এন আৰ চি কৰ্তৃপক্ষই এই ৩৯ টা পৰিয়ালৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব।