শ্বিলঙৰ পিছত গুৱাহাটী পাব পাৰে ছোৱাইন ফ্লু! মেঘালয় চৰকাৰৰ হাই এলাৰ্ট

শ্বিলঙৰ পিছত গুৱাহাটী পাব পাৰে ছোৱাইন ফ্লু! মেঘালয় চৰকাৰৰ হাই এলাৰ্ট

author-image
asomiyapratidin
New Update
শ্বিলঙৰ পিছত গুৱাহাটী পাব পাৰে ছোৱাইন ফ্লু! মেঘালয় চৰকাৰৰ হাই এলাৰ্ট

ডিজিটেল সংবাদ, শ্বিলংঃ ছোৱাইন ফ্লু'ৰ আতংকই বিৰাজ কৰিছে মেঘালয়ত। ৰাজ্যখনত শনিবাৰে দুগৰাকী মহিলাৰ দেহত ছোৱাই ফ্লু'ৰ বীজাণু লাভ কৰাৰ পিছতে ৰাজ্যখনত ছোৱাইন ফ্লু'ৰ সন্ত্ৰাসক লৈ চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ।

ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ছোৱাইন ফ্লু'ক লৈ ইতিমধ্যে সতৰ্ক কৰি দিছে ৰাজ্যবাসীক। আন কোনো লোক এই মহামাৰীৰ আক্ৰমণৰ বলি হৈছে নেকি সেয়া পৰীক্ষা কৰি আক্ৰান্তসকলক উপযুক্ত চিকিৎসা প্ৰদানৰো নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ বিষয়া প্ৰবীণ বক্সিয়ে।

ইফালে ছোৱাইন ফ্লু' বা ইনফ্লুয়েঞ্জা-এ নামেৰে পৰিচিত ৰোগবিধ প্ৰতিৰোধ কৰিবলৈ কি কি সজাগতা অৱলম্বন কৰিব লাগে সেয়া স্বাস্থ্য বিভাগৰ জৰিয়তে গাঁৱে গাঁৱে সজাগতা সভা আৰু শিক্ষাৰ মাধ্যমেৰে জনোৱা হৈছে।

ৰোগবিধ অন্য ঠাইলৈ বা অন্য ৰাজ্যলৈ যাতে বিয়পিব নোৱাৰে তাৰ বাবে বিশেষ সতৰ্কতা অৱলম্বন কৰি মেঘালয় চৰকাৰে গুৱাহাটী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰ, শ্বিলং বিমান বন্দৰৰ লগতে মেঘালয়ৰ সকলো হেলিকপ্টাৰ সেৱাক সতৰ্ক কৰি দিছে।

ইফালে, ছোৱাইন ফ্লু'ত আক্ৰান্ত হোৱা মহিলাদুগৰাকীৰ ভিতৰত এগৰাকী শ্বিলঙৰ আৰবুটনটৰ ৫৮ বৰ্ষীয় ৰেহানা খুৰছিদ বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে। জানিব পৰা মতে, পুত্ৰৰ সৈতে পুণে আৰু চেন্নাই ভ্ৰমণ কৰি অহাৰ পিছতে জ্বৰ, কাহ, দুৰ্বলতা, শ্বাস প্ৰশ্বাসজনিত অসুবিধাৰ ফলত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হয়। তাতেই তেওঁৰ দেহত ছোৱাইন ফ্লু'ৰ বীজাণু ধৰা পৰে।

খুৰছিদে ১৫ অক্টোবৰত গুৱাহাটী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হৈছিল আৰু ইয়াৰ পিছতে ১৭ অক্টোবৰত তেওঁক শ্বিলঙৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান মহিলাগৰাকীক ভেন্টিলেছনত ৰাখি চিকিৎসা চলাই থকা হৈছে।

⇒ আৰু পঢ়কঃপৃথিৱীখনকে সলনি কৰি দিব পৰা সেই বিশেষ বাতৰি…

আনহাতে ছোৱাইন ফ্লু'ত আক্ৰান্ত হোৱা আনগৰাকী ২৯ বৰ্ষীয় যুৱতী বুলি সদৰী কৰিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে। মহিলাগৰাকীয়ে বহিঃৰাজ্যৰ পৰা মাতৃৰ সৈতে শ্বিলঙত অনুষ্ঠিত কেথলিক সন্মিলনত অংশ ল'বলৈ আহিছিল বুলি জানিব পৰা গৈছে।

মেঘালয়ত দুটাকৈ ছোৱাইন ফ্লু'ৰ বলি হোৱা ঘটনা পোহৰলৈ অহাৰ পিছতে অসমতো এই ৰোগৰ সংক্ৰমণ ঘটাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে এতিয়ালৈকে ৰাজ্যখনত এনে কোনো ৰোগী চিনাক্ত হোৱা নাই, তথাপি অইন আক্ৰান্ত ৰাজ্যৰ পৰা সংক্ৰমণ ঘটিব পাৰে বুলি চিন্তিত হৈ অসমৰ স্বাস্থ্য বিভাগেও বিশেষ সজাগতা অৱলম্বন কৰিছে।

উল্লেখ্য যে, মূলতঃ গাহৰিৰ পৰা বিয়পা ছোৱাইন ফ্লু' ৰোগৰ প্ৰাথমিক লক্ষণ সমূহ হৈছে জ্বৰ-কাহ, মূৰৰ বিষ, গাঁঠিৰ বিষ, অত্যাধিক দুৰ্বলতা আদি। এই ৰোগৰ সঠিক চিকিৎসা বৰ্তমানলৈকে সম্ভৱ হৈ উঠা নাই যদিও পৰিস্কাৰ পৰিচ্ছনতা, সজাগতাৰ দ্বাৰা এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি বুলি চিকিৎসা বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে।