মণিপুৰত দ্বিতীয় বিশ্বযুদ্ধৰ বোমা বিস্ফোৰণ হৈ দুজনৰ মৃত্যু…

মণিপুৰত দ্বিতীয় বিশ্বযুদ্ধৰ বোমা বিস্ফোৰণ হৈ দুজনৰ মৃত্যু…

author-image
asomiyapratidin
New Update
মণিপুৰত দ্বিতীয় বিশ্বযুদ্ধৰ বোমা বিস্ফোৰণ হৈ দুজনৰ মৃত্যু…

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ দ্বিতীয় বিশ্ব যুদ্ধৰেই বোমা ২০২১ৰ ছেপ্টেম্বৰত বিস্ফোৰণ হোৱাৰ ফলত মণিপুৰত দুজন লোকে হেৰুৱালে প্ৰাণ। ১৯৩৫ৰ পৰা ১৯৪৫লৈ চলা দ্বিতীয় বিশ্বযুদ্ধৰ বোমা প্ৰায় ৭৫ বছৰ পাছত ২৯ ছেপ্টেম্বৰ, ২০২১ত অৰ্থাৎ বুধবাৰে এই ঘটনা সংঘটিত হয়। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই বিস্ফোৰণ হোৱা বোমাটো দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰে।

উল্লেখ্য যে, ৰাজ্যখনৰ লাংখিচৈ গাঁৱত দুজন যুৱকে মাটি খান্দি থকা সময়তে সংঘটিত হয় এই বিস্ফোৰণ য'ত দুয়োৰে মৃত্যু হয়। জানিব পৰা মতে, মৃত্যু হোৱা যুৱকজন ভাতৃ আৰু তেওঁলোকৰ নাম ক্ৰমে লিয়েনখগিন গাংতে আৰু লালছাংমাউন গাংতে। টাইমছ অৱ ইণ্ডিয়াৰ এক বাতৰি অনুসৰি, ২০১৭চনৰ এপ্ৰিলৰ পৰা ২০২০চনৰ নবেম্বৰলৈ মণিপুৰত দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰায় ১২২টা বোমা উদ্ধাৰ হৈছে।