/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/itanagar-kokrajhar-rape-shop-insta-jahaj-for-web-AP-full-no-ad-2-copy.jpg)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ, ইটানগৰ: অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ আৰু টাৱাং চহৰত লকডাউন ৩১ মে'লৈকে বৃদ্ধি কৰা হৈছে। এসপ্তাহ ধৰি ইটানগৰত ১০ মে'ৰ পৰা সম্পূৰ্ণ লকডাউন চলি আছিল । কিন্তু এই সপ্তাহজোৰা লকডাউনৰ পাছতো ইটানগৰ আৰু ৰাজধানী এলেকাত কৰোণাৰ প্ৰকোপ নিয়ন্ত্ৰণ নোহোৱাত শনিবাৰে অৰুণাচল প্ৰদেশ চৰকাৰে লকডাউন সম্প্ৰসাৰিত কৰা হয়।
শুকুৰবাৰৰ দিনটোত অৰুণাচল প্ৰদেশত ২৬৫ জন লোক কোৰোনাত আক্ৰান্ত লোক ধৰা পৰিছে আৰু পাঁচজন লোকৰ কোৰোনাত মৃত্যু হৈছে। বৰ্তমানলৈকে অৰুণাচলত ২২০২টা এক্টিভ কেচ আৰু যোৱা পাঁচটা দিনত ১৯ জনৰ মৃত্যু হৈছে । উল্লেখযোগ্য যে, লাহোৱালৰ পৰীক্ষাগাৰলৈ পঠিওৱা নমুনাত অৰুণাচল প্ৰদেশৰ পাঁচজন ব্যক্তিৰ দেহত কোৰোনা ভাইৰাছৰ দ্বিতীয় ভেৰিয়েন্টৰ উপস্থিতি ধৰা পৰিছে ।