স্বাধীনতা দিৱসৰ এদিনৰ পূৰ্বেই ভাৰতৰ এখন ৰাজ্যই উদযাপন কৰিলে পৃথক স্বাধীনতা দিৱস…

স্বাধীনতা দিৱসৰ এদিনৰ পূৰ্বেই ভাৰতৰ এখন ৰাজ্যই উদযাপন কৰিলে পৃথক স্বাধীনতা দিৱস…

author-image
asomiyapratidin
New Update
স্বাধীনতা দিৱসৰ এদিনৰ পূৰ্বেই ভাৰতৰ এখন ৰাজ্যই উদযাপন কৰিলে পৃথক স্বাধীনতা দিৱস…

ডিজিটেল ডেস্কঃস্বাধীনতা দিৱসৰ এদিনৰ পূৰ্বেই চুবুৰীয়া ৰাজ্য নগালেণ্ডে বুধবাৰে উদযাপন কৰিলে ৭৩ সংখ্যক স্বাধীনতা দিৱস। উল্লেখযোগ্য যে, ১৮১৬চনৰ পাছত ইংৰাজসকল অহাৰ আগলৈকে বাৰমাৰ অধীনত আছিল নগালেণ্ড। ১৯২৬চনত ইংৰাজে অসম শাসনৰ দায়িত্ব লৈছিল। সেই সময়ত ইংৰাজে নিজৰ সাম্ৰাজ্যৰ অধীনলৈ নিছিল নগালেণ্ড।

১৮৯২চনত বৰ্তমানৰ নগা পৰ্বত নিজৰ দখললৈ আনিছিল ব্ৰিটিছে। খ্ৰীষ্টান মিছনাৰীসকলে প্ৰৱেশ কৰিছিল নগালেণ্ডত। প্ৰচাৰ কৰিছিল খ্ৰীষ্টান ধৰ্ম। প্ৰথম বিশ্বযুদ্ধৰ সময়ত যুদ্ধ কৰিবলৈ বহু নগা লোকক ইউৰোপৰ বিভিন্ন দেশলৈ ব্ৰিটিছসকলে প্ৰেৰণ কৰিছিল। কিন্তু এই কাৰ্য ভালপোৱা নাছিল নগাসকলে।

তেওঁলোকৰ আত্মঅধিকাৰ প্ৰতিষ্ঠাৰ বাবে বিদেশত যুদ্ধ কৰিবলৈ যোৱা নগাসকলে ঘূৰি আহি এক জাতীয় আন্দোলন গঢ়ি তুলিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত নগালেণ্ড অসমৰ অন্তৰ্গত আছিল যদিও, নগা জাতীয় সংগঠনসমূহে পৃথককৈ এখন নগা চৰকাৰ গঠনৰ দাবী কৰিছিল।

সেই আন্দোলনে হিংসাত্মক ৰূপ লৈছিল আৰু ভাৰতৰ আন প্ৰদেশৰ লোকক নগালেণ্ডত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। নগা লোকসকলো আনকি ১৪ আগষ্টতো নগা স্বাধীনতা দিৱস হিচাপে উদযাপন কৰি আহিছে। এইবাৰো নগা বিদ্ৰোহী সংগঠনসমূহে নিজ নিজ কাৰ্যালয়ত ১৪ আগষ্টত নগা স্বাধীনতা দিৱস উদযাপন কৰে।

এন এছ চি এন (আই এম)-য়ে তেওঁলোকৰ হেব্ৰ'নত থকা শিবিৰত নগা স্বাধীনতা দিৱস উদযাপন কৰি নগালেণ্ডৰ পৃথক পতাকা উত্তোলন কৰিলে সংগঠনটোৰ অধ্যক্ষই। এন এছ চি এন (কে)ও এই দিৱস উদযাপন কৰে।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নগা ষ্টুডেন্ট ফেডাৰেশ্যনে পৃথক পৃথককৈ নগা স্বাধীনতা দিৱস উপলক্ষে নগালিমৰ পতাকা উত্তোলন কৰিলে। ভাৰতৰ স্বাধীনতা দিৱস উদযাপন কৰাৰ পূৰ্বেই এইদৰে নগালেণ্ডে নগালিমৰ পৃথক পতাকাৰে নগা স্বাধীনতা দিৱস উদযাপন কৰাটো লক্ষণীয়।

যি সময়ত জম্মু-কাশ্মীৰত পৃথক পতাকা আৰু সংবিধানৰ ৩৭০ ধাৰা কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিছিল, সেই সময়ত নগালেণ্ডে এই দিৱস উদযাপন কৰাক লৈ বিশেষ চৰ্চা লাভ কৰিছে। উল্লেখযোগ্য যে, বৃহস্পতিবাৰে জম্মু-কাশ্মীৰত প্রথমবাৰৰ বাবে কেৱল ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস উদযাপন কৰিব। ইয়াৰ পূৰ্বে স্বাধীনতা দিৱসত জম্মু-কাশ্মীৰত পৃথক পতাকা উত্তোলন কৰিছিল ৰাজ্যখনে।