অৰুণাচলত সন্ধানহীন হোৱা এএন-৩২ বিমানৰ অৱশিষ্ট আৰু ১৩ বিমান যাত্ৰীৰ মৃতদেহ উদ্ধাৰ

অৰুণাচলত সন্ধানহীন হোৱা এএন-৩২ বিমানৰ অৱশিষ্ট আৰু ১৩ বিমান যাত্ৰীৰ মৃতদেহ উদ্ধাৰ

author-image
asomiyapratidin
New Update
অৰুণাচলত সন্ধানহীন হোৱা এএন-৩২ বিমানৰ অৱশিষ্ট আৰু ১৩ বিমান যাত্ৰীৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল ডেস্কঃ যোৰহাটৰ পৰা অৰুণাচলৰ মেছুকালৈ গৈ থাকোতে সন্ধানহীন হোৱা বায়ুসেনাৰ এএন-৩২ বিমানৰ ১৩ জন যাত্ৰীৰ মৃতদেহ অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে। অৰুণাচলৰ অতি দুৰ্গম অঞ্চলৰ পৰা কেইবাদিনৰ উদ্ধাৰ অভিযানৰ অন্তত উদ্ধাৰকাৰী দলে সেই বিমানখনত থকা বায়ু সেনা বিষয়া, জোৱানৰ নশ্বৰ দেহ উদ্ধাৰ কৰে।

অৱশ্যে এই বিমান দুৰ্ঘটনাত নিহত ৬ জনৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে ৭ জনৰ মৃতদেহৰ অৱশিষ্টহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দলে।