উত্তৰ-পূবত কাৰ কি স্থিতি…

উত্তৰ-পূবত কাৰ কি স্থিতি…

নগালেণ্ডঃ

  • নগালেণ্ডৰ একমাত্ৰ আসনখনত এই মুহূৰ্তলৈকে আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী কে এল চিচি।
  • কংগ্ৰেছ প্ৰাৰ্থীজনে ২,৭২,৫৮৩টা ভোট লাভ কৰাৰ বিপৰীতে এন বি পি পি প্ৰাৰ্থী তোখেহো য়েপথমিয়ে লাভ কৰিছে ২,৫০,৪৭৯টা ভোট।

অৰুণাচলঃ

  • অৰুণাচল (পূব) লোকসভা আসনত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী তপিৰ গাওঁ।
  • বিজেপি প্ৰাৰ্থীজনে ৪৮৩৪৬টা ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী লোৱাংচা ৱাগলাটে লাভ কৰিছে ১৯,০৭১টা ভোট।
  • অৰুণাচল (পশ্চিম)ত বিজেপি প্ৰাৰ্থী কিৰণ ৰিজিজুৱে ৮৯,৮২৬টা ভোটত আগবাঢ়ি আছে।
  • কংগ্ৰেছ প্ৰাৰ্থী নাবাম তুকীয়ে লাভ কৰিছে ২৩,৪১০টা ভোট।

মণিপুৰঃ

  • ইনাৰ মণিপুৰ আসনত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ড০ আৰ আৰ সিং।
  • প্ৰাৰ্থীজনে লাভ কৰিছে ১,৪১,৯১৮টা ভোট।
  • কংগ্ৰেছ প্ৰাৰ্থী অইনাম এন সিঙে লাভ কৰিছে ১,২৮,২১৫টা ভোট।
  • আউটাৰ মণিপুৰত এন পি এফৰ প্ৰাৰ্থী লোৰহো এছ ফোজে ১,৬৭,৩৪৯টা ভোট লাভেৰে আগবাঢ়ি আছে সমষ্টিটোত।

মেঘালয়ঃ

  • মেঘালয়ৰ শ্বিলং লোকসভা সমষ্টিত বিজয়ৰ দিশে কংগ্ৰেছ প্ৰাৰ্থী।
  • কংগ্ৰেছ প্ৰাৰ্থী ভিনচেন্ট এইচ পালাই লাভ কৰিছে ৪,১০,৮৪০টা ভোট।
  • ইউ ডি পি প্ৰাৰ্থী জেমিনো মাথোহে লাভ কৰা ভোটৰ সংখ্যা ২,৬০,৮৫২টা।
  • তুৰা লোকসভা সমষ্টিত ৩,১৬,০৯২টা ভোট লাভেৰে আগবাঢ়ি আছে এন পি পি প্ৰাৰ্থী আগাথা কে চাংমা।

মিজোৰামঃ

  • মিজোৰামৰ একমাত্ৰ আসনখনত আগবাঢ়ি আছে এম এন এফৰ প্ৰাৰ্থী চি লালৰোছাংগা।
  • তেওঁ লাভ কৰা ভোটৰ সংখ্যা ২২৩৫০৬টা।

ছিকিমঃ

  • ছিকিমৰ একমাত্ৰ আসনখনত আগবাঢ়ি আছে এছ ডি এফৰ প্ৰাৰ্থী দেশবাহাদুৰ কাটোৱাল।
  • তেওঁ লাভ কৰা ভোটৰ সংখ্যা ৫০৮৫৮।

ত্ৰিপুৰাঃ

  • ত্ৰিপুৰা (পূব)ত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ৰেৱতী ত্ৰিপুৰা।
  • তেওঁ লাভ কৰা ভোটৰ সংখ্যা ৩,১৬,৮০৯।
  • ত্ৰিপুৰা (পশ্চিম)ত ২৯৭০৫৩টা ভোটেৰে আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী প্ৰতীমা ভূমিক।

অসমঃ

  • অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভোটগণনা হৈ আছে শান্তিপূৰ্ণভাৱে।
  • ডিফু সমষ্টিত ১২৬০০২টা ভোটেৰ আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী হৰেণ সিং বে'।
  • বৰপেটাত আগবাঢ়ি আছে অগপ প্ৰাৰ্থী কুমাৰ দীপক দাস।
  • ৩১৬১১৪টা ভোট লাভ কৰিছে দীপক দাসে।
  • কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালে আছে দ্বিতীয় স্থানত।
  • তেওঁ লাভ কৰা ভোটৰ সংখ্যা ২৭৬৪৮৪।
  • ধুবুৰী লোকসভা সমষ্টিত আগবাঢ়ি আছে এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল।
  • তেওঁ লাভ কৰিছে ৩৪২৯৪৩টা ভোট।
  • কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে লাভ কৰিছে ২৭২০৭৭টা ভোট।
  • ডিব্ৰুগড়ত বিজয়ৰ দিশে ৰামেশ্বৰ তেলী।
  • তেওঁ লাভ কৰিছে ৩৯৫৫১০টা ভোট।
  • কংগ্ৰেছ প্ৰাৰ্থী পবনসিং ঘাটোৱাৰে লাভ কৰিছে ১৭৬৬২৬টা ভোট।
  • গুৱাহাটীত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা।
  • ববিতা শৰ্মাই এতিয়ালৈকে লাভ কৰা ভোটৰ সংখ্যা ২৫৬৫০১।
  • কুইন ওজাই লাভ কৰিছে ২৩২৫২৬টা ভোট।
  • যোৰহাটত অব্যাহত আছে তীব্ৰ প্ৰতিদণ্ডিতা।
  • তপন গগৈয়ে লাভ কৰিছে ৩৪১৯২১টা ভোট।
  • কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইয়ে লাভ কৰি ভোটৰ সংখ্যা ২৮৯৪৬০।
  • কলিয়াবৰত প্ৰায় ৫০হাজাৰ ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ।
  • তেওঁ লাভ কৰিছে ৩৫৪০৫৫টা ভোট।
  • কৰিমগঞ্জত এ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসে ২৩৮৭৫৩টা ভোটেৰে প্ৰথম স্থানত আছে।
  • কোকৰাঝাৰত ২২১০৪৮টা ভোট লাভেৰে এতিয়ালৈকে প্ৰথম স্থানত আছে নিৰ্দলীয় প্ৰাৰ্থী নৱকুমাৰ শৰণীয়া।
  • লখিমপুৰত বিজয় প্ৰায় নিশ্চিত কৰিছে প্ৰদান বৰুৱাই।
  • তেওঁ লাভ কৰা ভোটৰ সংখ্যা ৫৪৮৯২৮টা।
  • মঙলদৈত ভূবনেশ্বৰ কলিতাই ১৬০৫২৮টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী দীলিপ শইকীয়াই ২৪৮২৩৩টা ভোট লাভেৰে প্ৰথম স্থানত আছে।
  • নগাঁৱত ২৮৭২১১টা ভোট লাভেৰে প্ৰথম স্থানত আছে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা।
  • সমষ্টিটোত ২৫৪৪২১টা ভোট লাভেৰে দ্বিতীয় স্থানত আছে প্ৰদ্যুৎ বৰদলৈ।
  • শিলচৰত ১৬০৬৩৭টা ভোটেৰে প্ৰথম স্থানত আছে বিজেপি প্ৰাৰ্থী ৰাজদ্বীপ ৰয়।
  • তেজপুৰত ২১৭১৬৪টা ভোটেৰে প্ৰথম স্থানত আছে পল্লৱ লোচন দাস।
  • ১৩০০৪৮টা ভোট লাভেৰে দ্বিতীয় স্থানত আছে এম জি ভি কে ভানু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in