তিনিদিনীয়াকৈ ধেমাজিত অনুষ্ঠিত নৰ্থ ইষ্ট অ’পেন বেডমিন্টন প্ৰতিযোগিতা…

তিনিদিনীয়াকৈ ধেমাজিত অনুষ্ঠিত নৰ্থ ইষ্ট অ’পেন বেডমিন্টন প্ৰতিযোগিতা…

ডিজিটেল সংবাদ,ধেমাজিঃ শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ ধেমাজি বালিকা মহাবিদ্যালয়ৰ বেডমিণ্টন একাডেমিৰ উদ্যোগত অনুষ্ঠিত হৈ থকা নৰ্থ ইষ্ট বেডমিণ্টন অ'পেন প্ৰতিযোগিতাৰ প্ৰথম দিনৰ অপ্ৰশিক্ষিত শাখাত ঢকুৱাখনা আৰু মৰাণৰ মাজত হোৱা খেলত মৰাণৰ অজিৎ গগৈ আৰু অভিনৱ ৰাজকোঁৱৰ চেম্পিয়ন হোৱাৰ লগতে ঢকুৱাখনাৰ নিৰুপন বৰগোহাঁই আৰু জয়দ্বীপ পাত্ৰ ৰানাৰ্ছআপ হয়৷

ইফালে শনিবাৰে মৰাণ আৰু শিৱসাগৰ মাজত অনুষ্ঠিত ৯ অনুউৰ্দ্ধৰ খেলখনত শিৱসাগৰ আয়ুস গগৈ চেম্পিয়ন আৰু মৰাণৰ টানিজ টন্ময় সোনোৱালে ৰানাৰ্ছআপ হয়৷ ইতিমধ্যে অসমৰ ডিব্ৰুগড় , তিনিচুকীয়া, যোৰহাট, শিলচৰ, গোলাঘাট, শিৱসাগৰ, উত্তৰ লখিমপুৰ, বোকাখাট, নগাঁও ,বিশ্বনাথ চাৰি আলি, ধুবুৰী, ধেমাজি, শোনিতপুৰ, নামৰূপ, বক্সিঘাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা অহা ৯ , ১১ , ১৩ আৰু ১৫ অৰ্নুদ্ধৰ মুঠ ৩০০ ৰো অধিক গৰাকী খেলুৱৈ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে বুলি খেলৰ উদ্যোগতা তথা ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁইয়ে জানিবলৈ দিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in