নৰ্থ বেংক মহাবিদ্যালয় পলাতক আচামী যুগল শইকীয়াৰ নাই সন্ধান, সুস্থ শৈক্ষিক পৰিৱেশ ঘূৰাই অনাৰ দাবী টিএমপিকে-আছুৰ…

নৰ্থ বেংক মহাবিদ্যালয় পলাতক আচামী যুগল শইকীয়াৰ নাই সন্ধান, সুস্থ শৈক্ষিক পৰিৱেশ ঘূৰাই অনাৰ দাবী টিএমপিকে-আছুৰ…

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঘিলামৰাবাসীৰ অক্লান্ত শ্ৰম আৰু ত্যাগৰ বিনিময়ত ৬০ দশকতে  ঘিলামৰাত উচ্চ শিক্ষা প্ৰসাৰৰ উদ্দেশ্যেৰে প্ৰতিষ্ঠা হোৱা নৰ্থ বেংক মহাবিদ্যালয়ৰ  অৰ্ধশতিকা জোৰা গৰিমাত নিৰ্লজ ভাবে আঁচোৰ লগাই  অপৰাধীৰ দৰে পলাই ফুৰিছে অবিবেচকী অধ্যক্ষ ডঃ যুগল শইকীয়া। মহাবিদ্যালয়খন পৰিচালনাত একপ্ৰকাৰৰ মাতব্বৰী শাসন চলাই  শিক্ষক- শিক্ষাৰ্থীৰ মাজত অপ্ৰিয়ভাজন হৈ অহা  মতলবী অধ্যক্ষ শইকীয়াই  বুবুল দলে নামৰ এজন ছাত্ৰৰ ওপৰত প্ৰাণনাশী আক্ৰমণ চলাই এতিয়া  ৰঙা ঘৰৰ  আলহী হোৱাৰ ভয়ত আত্মগোপন কৰি শিক্ষানুষ্ঠানখনৰ মান সন্মান সকলো ধূলিস্যাত কৰিলে। 

মহাবিদ্যালয়খনৰ  বিজ্ঞান  শাখাৰ  শিক্ষক বুধিন গগৈ  , পিয়ন বিশ্বজিত টাৱ আৰু কাৰ্যালয় সহায়ক  হোমেন গোঁহাইৰ সহযোগত নিৰ্মম ভাবে আক্ৰমণ চলোৱা  কাণ্ডজ্ঞানহীন অধ্যক্ষ শইকীয়াৰ বিৰুদ্ধে ঘিলামৰা থানাত জামিনবিহীন ধাৰাত গোচৰ পঞ্জীয়ন হৈছিল ভুক্তভোগী ছাত্ৰ বুবুল দলেৰ  এজাহাৰৰ ভিত্তিত। এই  গোচৰৰ এজন আচামী হোমেন গোঁহাইক ঘিলামৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পাছত জেলৰ ভাত খোৱাৰ ভয়ত আত্মগোপন কৰি আছে  শইকীয়া বাহিনীয়ে। 

এখন প্ৰতিষ্ঠিত মহাবিদ্যালয়ৰ  এগৰাকী অধ্যক্ষ ,শিক্ষক সমন্বিতে এগৰাকী  অস্থায়ী কৰ্মচাৰীয়ে জামিনবিহীন ধাৰাৰ  আচামী হৈ পলাই ফুৰাৰ পাছত দেওবাৰে  ভুক্তভোগী ছাত্ৰ গৰাকীলৈ ফোন কৰি নিজক নিষ্কলুষক সজোৱাৰ নিৰ্লজ প্ৰয়াস চলাই। শইকীয়াই ফোনত ছাত্ৰজনক মহাবিদ্যালয় বা থানালৈ মাতি কয়" ভূল সবৰে  হয় , আমাৰো ভুল নাই হোৱা বুলি নকওঁ ,তোমাৰো  হৈছে বুলি নাই কোৱা বুলি কয়।   ফোনযোগে ছাত্ৰজনক উক্তদিনা অধ্যক্ষ শইকীয়াই শাৰীৰিক ভাবে প্ৰহাৰ নাই কৰা  বুলি কৈ নিজৰ সুৰক্ষাৰ বেহু ৰচনা কৰি অন্য অভিযুক্ত সকলৰ ওপৰত সমস্ত দুখ জাপি দিয়াৰ কৌশল ৰচনা কৰে।  কিন্তু  প্ৰহৃত ছাত্ৰজনে দৃঢ়তাৰে আৰু প্ৰত্যয়েৰে অধ্যক্ষৰ লগতে অন্য সকলেও  নিৰ্মম ভাবে প্ৰহাৰ কৰি প্ৰাণ নাশৰ চেষ্টা চলোৱাৰ কথা শইকীয়াক সবিশেষ জনাই।

পূৰ্বৰ স্থিতিত অটল থকাত  অধ্যক্ষজনে ছাত্ৰজনৰ গোপনে ভইছ ৰেকৰ্ডিং কৰি ছাত্ৰজনৰ  সাক্ষ্য  গ্ৰহণৰ নিৰ্লজ প্ৰয়াসত মুখ থেকেছা খাই। এই আক্ৰমণ সন্দৰ্ভত  ভুক্তভোগী ছাত্ৰজনৰ  সবল স্থিতিৰ উমান পাই উপায়ন্তৰ অধ্যক্ষ শইকীয়াই বাৰ্তালাপৰ কৌশলেৰে সামৰণি মাৰে। বাৰ্তালাপত ছাত্ৰজনে  নিজৰ  বিদ্যায়তনিক সমস্যাৰ সন্দৰ্ভত ব্যক্ত কৰিবলৈ যোৱাৰ সময়তে ৰুদ্ৰ মূৰ্তি ধৰি  বুধিন গগৈ , হোমেন গোঁহাই , বিশ্বজিত টাৱৰ  সহযোগত অধ্যক্ষই কিয়  প্ৰাণ নাশী আক্ৰমণ চলালে তাৰ ন্যায় লাগিবই বুলি  কৈ  মোৰ লগত সেইদিনা যি ঘটিছে তাৰ এক শতাংশও বেছিকৈ মই নকওঁ বুলি স্পষ্টকৈ ব্যক্ত কৰে অধ্যক্ষ শইকীয়াক। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in