বটদ্ৰৱাৰ নমাটি গাঁৱত নৰাচিঙা উৎসৱঃ সোণগুটি চপোৱাৰ শেষত গঞা ৰাইজে মিলি ৰং ধেমালি কৰি খালে ভোজভাত…

বটদ্ৰৱাৰ নমাটি গাঁৱত নৰাচিঙা উৎসৱঃ  সোণগুটি চপোৱাৰ শেষত গঞা ৰাইজে  মিলি ৰং ধেমালি কৰি খালে ভোজভাত…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ অসমীয়া কৃষিজীৱী ৰাইজৰ এটা উল্লেখযোগ্য উৎসৱ হৈছে নৰাচিঙা উৎসৱ। অতি প্ৰাচীন কালৰে পৰা গঞা ৰাইজে পালন কৰি অহা এই নৰাচিঙা উৎসৱত উখল মাখল হৈ পৰিল বটদ্ৰৱাৰ নমাটি গাঁও। নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ নমাটি গাঁৱৰ ৰাইজে শালিধান চপোৱা পৰ্বৰ শেষৰ দিনা পূৰ্ব পৰম্পৰা ৰক্ষা কৰি পথাৰত ৰং ধেমালি কৰি, বিহু গীত গাই নৃত্য কৰি অনুষ্ঠিত কৰে এই নৰাচিঙা উৎসৱ।

নৰাচিঙা উৎসৱ উপলক্ষে ৰোৱনী দাৱনী হালুৱাকে আদি কৰি গঞা ৰাইজে একত্ৰিত হৈ পথাৰত ধান চপোৱাৰ সমান্তৰালকৈ ৰং ধেমালি কৰি ভোজভাত খাই পালন কৰে নৰাচিঙা উৎসৱ। এনেদৰে নমাটি গাঁৱৰ ৰাইজ সমবেত হৈ শালিধানৰ পথাৰত অনুষ্ঠিত কৰা নৰাচিঙা উৎসৱে অনান্য পৰিবেশৰ সৃষ্টি কৰিছ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in