দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দুই সমষ্টিত চাৰি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল…

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দুই সমষ্টিত চাৰি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অধীনস্থ দুখনকৈ সমষ্টিত আজি নতুনকৈ চাৰি গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাত জিলা খনত মুঠ ৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন জমা হয়।

উল্লেখযোগ্য যে অহা ৬ এপ্ৰিল তাৰিখে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ আৰু দক্ষিণ শালমাৰা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হব। নিৰ্বাচনৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হোৱাৰ বিপৰীতে যোৱা কালিৰ পৰা জিলা খনৰ অধীনত থকা সমষ্টি দুখনৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আৰম্ভ কৰিছে।

মানকাচৰ সমষ্টিৰ অগপ দলৰ অন্যতম শক্তিশালী প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক জাবেদ ইছলাম নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। জাবেদ ইছলামৰ পিতৃ অসম বিধানসভাৰ প্ৰাক্তন মন্ত্ৰী আছিল। মানকাচৰৰ অসম মেঘালয় সীমান্তত থকা মিৰজুমালা কবৰ স্থানত প্ৰয়াত পিতৃ তথা প্ৰাক্তন মন্ত্ৰী জাহিৰুল ইছলামৰ কবৰত গৈ সেৱা জনাই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ৰাওনা হয় অগপৰ প্ৰাৰ্থী জাবেদ ইছলাম। প্ৰায় ১০ সহস্ৰাধিক দলীয় কৰ্মী, সমৰ্থকক লগত লৈ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক খেল পথাৰৰ পৰা এক সমফল উলিয়াই তেওঁ আজি মনোনয়ন পত্ৰ দাখিল কৰে।

আনহাতে মানকাচৰ সমষ্টিৰ পৰা বহু চৰ্চিত সাংবাদিক মনোৱাৰ হুচেইনও আজি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। মনোৱাৰ হুচেইন বিগত প্ৰায় দুবছৰ ধৰি সাংবাদিকতা এৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিজৰ প্ৰচাৰ চলাই গৈছে। মানকাচৰ জিলাক দুৰ্নীতিমুক্ত কৰাৰ লক্ষ্যৰে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা দোহাৰে।

ইয়াকে লৈ মানকাচৰ সমষ্টিত আজিৰ দিনটোলৈ মুঠ তিনি গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ লগতে অহা কালি মহাজোট বন্ধনৰ প্ৰাৰ্থী এআইইউডিএফৰ আমিনুল ইছলাম নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব।

আনহাতে জিলা খনৰ বহু চৰ্চিত দক্ষিণ শালমাৰা সমষ্টিৰ পৰাও বৃহস্পতিবাৰে দুজন প্ৰাৰ্থীয়ে নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰাত সমষ্টিটোত তিনি জনৰ মনোনয়ন পত্ৰ জমা পৰে। সমষ্টিটোৰ পৰা আজি কংগ্ৰেছ তথা মহাজোট বন্ধনৰ প্ৰাৰ্থী বিধায়ক হাজী ওৱাজেদ আলী চৌধুৰী কেবা সহস্ৰাধিক দলীয় সমৰ্থকৰ সহযোগত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। একেদৰে সমষ্টিটোত বিজেপিৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থী আছাদুল ইছলামও আজি নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in