নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অৰ্ধ-আইনী প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন

নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অৰ্ধ-আইনী প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সমাজৰ দৰিদ্ৰ, নিচলা, মানসিক বিকাগ্ৰস্ত, আইনগতভাৱে অসহায় মহিলা, শিশু সকলৰ কল্যাণৰ বাবে জিলা ন্যায় সেৱা প্ৰাধিকাৰীয়ে অলপতে নগাঁও জিলাৰ বিভিন্ন গাঁও পঞ্চায়ত সমূহত সহায়ক হোৱাকৈ একোজন অৰ্ধ-আইনী স্বেচ্ছা সেৱকক নিযুক্ত কৰিছিল আৰু অৰ্ধ-আইনী স্বেচ্ছা সেৱকৰ প্ৰশিক্ষণ কাৰ্যসূচী মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত নগাঁও আদালত ভৱনৰ সভাকক্ষ্যত অনুষ্ঠিত হয়।

পুৱা ১০.৩০ বজাত বন্তী প্ৰজ্বলনেৰে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰাম্ভ কৰে ন্যায় সেৱা প্ৰাধিকাৰীৰ সচিব তথা জিলা আৰু সত্র ন্যায়াধীশ ৰীতা ক'ৰে। নগাঁও জিলা ন্যায় সেৱাই কেনেদৰে বিগত দিন সমূহত সমাজৰ দৰিদ্ৰ, নিচলা, আইনগতভাৱে অসহায় লোক সকলক সহায় কৰি সমাজত প্ৰতিষ্ঠা কৰাই আহিছে সেই বিষয়ে ব্যাখ্যা আগবঢায় নগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশ মুনমুন বি শৰ্মাই। প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি ৰূপে উপস্থিত থাকি অৰ্ধ-আইনী স্বেচ্ছা সেৱক-সেৱিকা সকলৰ দায়িত্ব আৰু কৰ্তব্য পৰায়নৰ ওপৰত বহল ভাবে বক্তব্য আগবঢ়ায় অৱসৰপ্ৰাপ্ত জিলা আৰু সত্র ন্যায়াধীশ খগেন দহোটীয়াই।

অন্যহাতে সমাজ কল্যাণ বিভাগৰ লগত অৰ্ধ-আইনী স্বেচ্ছা সেৱক-সেৱিকা সকলৰ লগত স্বেচ্ছাসেৱী অনুষ্ঠান সমূহৰ সমন্বয়ৰ ওপৰত বহল ভাবে ব্যাখ্যা আগবঢ়ায় গ্ৰাম বিকাশ পৰিষদৰ মুখ্য উপদেষ্টা চিৰাজ উদ্দিন আহমেদে।

ইফালে ন্যায় সেৱা প্ৰাধিকাৰীৰ পেনেল লয়াৰ ৰূপালী গোস্বামীয়ে অৰ্ধ-আইনী স্বেচ্ছা সেৱক-সেৱিকা সকলে আদালত চৌহদত অৱস্থিত ক্লিনিকৰ লগতে পঞ্চায়ত সমূহৰ ওপৰি অনান্য ঠাইত কেনেদৰে সমাজত নিপিড়ীত, দৰিদ্ৰ, মানসিক ভাৱে বাধাগ্ৰস্থ ৰোগী সকলক সহায় কৰিব সেই বিষয়ে বহল অৰ্থত ব্যাখ্যা আগবঢ়ায়। বিভিন্ন আইনৰ ওপৰত ব্যাখ্যা আগবঢ়ায় পেনেল লয়ৰ শ্বাহনাজ চুলতানা আৰু জেচমিন বেগমে।

অৰ্ধ শতাধিক নৱনিযুক্ত অৰ্ধ-আইনী স্বেচ্ছা সেৱক-সেৱিকা উপস্থিত থকা সমগ্ৰ প্ৰশিক্ষণ কাৰ্যসূচীটোৰ আঁত ধৰে নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে। বিয়লিলৈ দিনযোৰা প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in