স্বামীক বিবাহ বিচ্ছেদ নিদিয়াৰ বাবেই মহিলাক আক্ৰমন যুৱকৰ

স্বামীক বিবাহ বিচ্ছেদ নিদিয়াৰ বাবেই মহিলাক আক্ৰমন যুৱকৰ

ডিজিটেল সংবাদ নগাঁও: স্বামীক বিবাহ বিচ্ছেদ নিদিয়াৰ বাবে এগৰাকী নাৰীৰ ওপৰত চলা আক্ৰমনে তোলপাৰ লগাইছে নগাঁৱৰ দগাঁও অঞ্চলত ৷ এই ঘটনাত গুৰুতৰভাৱে আহত ছনজিদা খাতুন নামৰ মহিলাগৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে ৷ অভিযোগ অনুসৰি ছনজিদাক প্ৰেমৰ প্ৰস্তাব দিছিল জহিৰুল ইছলাম নামৰ যুবক জনে ৷ দগাঁও আৰক্ষী থানাৰ অন্তৰ্গত গৰৈমাৰীৰ পামৰ বিবাহিত ছনজিদাক প্ৰেম নিবেদন কৰিব বিছাৰিছিল একে অঞ্চলৰ জহিৰুল নামৰ যুবকজনে ৷ জহিৰুলে ছনজিদাক স্বামীক বিবাহ বিচ্ছেদ দি জহিৰুলৰ লগত বিবাহত বহিবলৈ হেচা দি আহিছিল ৷ এই কথাত ছনজিদা মান্তি হোৱা নাছিল ৷

জহিৰুলৰ কথাত মান্তি নোহোৱাত ছনজিদাক ঘৰত কোনো নথকাৰ সুবিধা লৈ আক্ৰমণ কৰে ৷ অভিয়ুক্তই মুখত সোপা দি চুৰিৰে আক্ৰমন কৰাত ছনজিদাই চিঞৰ বাখৰ কৰে। ইয়াৰ পাছতে আক্ৰমনকাৰী জহিৰুলে পলায়ন কৰে । ছনজিদাৰ চিঞৰ শুনি চুবুৰীয়া লোক আহি জহিৰুলৰ অপকৰ্মৰ কথা জানিব পাৰি অভিয়ুক্তক জবাব দিহি কৰাত জহিৰুলে একাধিক লোকক লগত লৈ পুনৰ ছনজিদা আৰু পৰিয়ালৰ লোকক আক্ৰমন কৰি আহত কৰে ৷

দিন দিয়েক পূৰ্বে সংঘটিত এই ঘটনাৰ পিছত স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন ছনজিদা খাতুনক উচ্চ চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে ৷ ইফালে ঘটনাৰ সৰ্ন্দভত মমতাজ বেগমে দাখিল কৰা এজাহাৰৰ সৰ্ন্দভত দগাঁও আৰক্ষীয়ে কোনো তদন্ত নকৰাৰ অভিযোগ উঠিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in