শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

১৮০০ টকাৰ পেট্ৰলেৰে মাত্ৰ ২ কিলোমিটাৰ চলিল ছুইফট ডিজায়াৰঃ টেংকীত তেলৰ সলনি ওলাল পানী..

ডিজিটেল সংবাদ নগাঁও: নগাঁৱৰ জাজৰিৰ এটা তেল ডিপোত সোমবাৰে নিশ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে ডেকা উপাধিৰ ন-মাটি গাঁৱৰ এজন যুৱকে জাজৰিৰ ইণ্ডিয়ান অইলৰ তেল ডিপোত সোমবাৰে সন্ধ্যা নগদ ১৮০০ টকাৰ পেট্ৰল নিজৰ ছুইফট ডিজায়াৰ বাহনখনত ভৰাই ঘৰমুৱা হয়।

পিছে ২কিলোমিটাৰ চলাৰ পিছতে হঠাৎ তেঁওৰ বাহনখন অচল হৈ পৰে। লগে লগে যুৱকজনে এগৰাকী মটৰ মেকানিকক খবৰ দিয়াত তেঁও গাড়ীখন পৰীক্ষা কৰি দেখে যে যুৱকজনৰ বাহনখনৰ তেলৰ টেংকীত পেট্ৰলৰ সলনি পানী ভৰোৱাৰ পিছতে বাহনখন বিকল হৈ পৰিছে।

এই খবৰ বিয়পি পৰাৰ লগে লগে হাতীচোঙৰ কেইবাগৰাকীও যুৱকে পেট্ৰল ডিপোত গৈ এই বিষয়ে আপত্তি দৰ্শোৱাত উলোটাই তেল ডিপোৰ মালিকে তেঁওলোকক দুৰ্ব্যৱহাৰ কৰি উভতাই পঠায়। ইয়াৰ পিছতে পেট্ৰল ডিপোটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

জানিবপৰা মতে, পেট্ৰল ডিপোটোৰ ৰিজাৰ্ভাৰত পানী সোমোৱাৰ বাবে দেওবাৰে ডিপোটো বন্ধ কৰি থ’ব লগা হৈছিল। কিন্তু ৰিজাৰ্ভাৰ চাফা নকৰাকৈয়ে পুনৰ তেঁওলোকে ডিপোটোত গ্ৰাহকক তেল বিক্ৰী কৰাৰ ফলতেই এই ঘটনা সংঘটিত হৈছে। এইক্ষেত্ৰত হাতীচোং, ন-মাটি আদি অঞ্চলৰ ৰাইজে ডিপোটোৰ মালিক কৰ্তৃপক্ষৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি