ডি জেৰ তালে তালে গান্ধী জয়ন্তীত উদ্দাম নৃত্য….

ডি জেৰ তালে তালে গান্ধী জয়ন্তীত উদ্দাম নৃত্য….


ডিজিটেল সংবাদ নগাঁও: গান্ধী জয়ন্তীৰ দিনা ডি জে অনুষ্ঠান৷মহামানব মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ অনুষ্ঠানৰ আয়োজন কৰি পুৱাতে ডি জেৰ তালে তালে উদ্দাম নৃত্য কৰিলে আয়োজকে৷গান্ধী জয়ন্তীৰ পুৱাতে জাতিৰ পিতাক চূড়ান্ত অপমান কৰা এই কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

গান্ধী জয়ন্তী উপলক্ষে নগাঁৱৰ ৰ'টাৰী ক্লাবে অনুষ্ঠিত কৰিছিল মাৰথান প্ৰতিযোগিতাৰ ৷ ড্ৰাগছ বিৰোধী এই মাৰথানৰ কাৰ্যসূচীতে লক্ষীনগৰতে ডি জে অনুষ্ঠান অনুষ্ঠিত কৰে ৰ'টাৰী ক্লাবে৷জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটো বাহত ওলোমাই লৈ সন্মুখতে উদ্দাম নৃত্য কৰা কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰে বিভিন্ন লোকে৷

উল্লেখ্য যে, এই যে আজিৰ এই কাৰ্যসূচীত নগাঁও জিলা প্ৰশাসনৰ বিষয়াও উপস্থিত আছিল ৷ ইফালে গান্ধী জয়ন্তীৰ এই ডি জে অনুষ্ঠানৰ বাবে নগাঁও জিলা প্ৰশাসনৰ কোনো অনুমতি নাছিল বুলি জানিব পৰা গৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in