নগাওঁ জিলাত কোভিড টেলিমেডিচিনৰ সেৱা মুকলি…

নগাওঁ জিলাত কোভিড টেলিমেডিচিনৰ সেৱা মুকলি…

ডিজিটেল সংবাদ নগাঁও : অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি নগাওঁ জিলাৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য খণ্ডত টেলিমেডিচিন সেৱা আৰম্ভ কৰিছে।জিলাখনৰ সকলো কোভিড- ১৯ সম্পৰ্কীয় টেলিমেডিচিন সেৱাৰ বাবে নিম্নলিখিত চিকিৎসক সকলক জনসাধাৰনে যোগাযোগ কৰিব পাৰিব।

জখলাবন্ধা ব্লকৰ ডাঃ খেমান্ত কুমাৰ শইকীয়া(৯৮৬৪২৪৪২৪৫), বাৰপুজিয়া ব্লকৰ ডাঃ লক্ষীধৰ দাস(৯৪৩৫৫০৬৯৪৪), কঠীয়াতলী ব্লকৰ ডাঃ ৰমেন বেজবৰুৱা(৮৮২২৩৭৯৮৫১), চামগুৰি ব্লকৰ ডাঃ ইমৰাণ হুছেইন(৭০০২৭৮৩৬৫৭),বুঢ়াগোহাঁইথান ব্লকৰ ডাঃ উৎপল হাজৰিকা (৭০০২৩৯১৬৩৮),ধিং ব্লকৰ ডাঃ দ্বিগেন চন্দ্ৰ ৰয়(৯৪৩৫৩৯৮১৫৯),চিমনাবস্তি ব্লকৰ ডাঃ পঞ্চম বৰা(৯৮৬৪২৪০৬৭৩), দগাঁও ব্লকৰ ডাঃ জয়নাল আবদিন ফাৰুকি(৯৪০১৩২০৫২৭),শিঙিমাৰী ব্লকৰ ডাঃ তপন শইকীয়া(৯৪৩৫০৬০৫৬৯) আৰু নগৰ ব্লকৰ ডাঃ গীতা বৰদলৈ(৮১৩৪৯৬৬৫৮৪)। কোভিড আক্ৰান্ত সকলে এতিয়াৰ পৰা টেলিফোনতে চিকিৎসা বিধান লব পাৰিব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in