ইন্ধন, খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ জুইঃ নগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ ৩৬ ঘণ্টীয়া অনশন…

ইন্ধন, খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ জুইঃ নগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ ৩৬ ঘণ্টীয়া অনশন…

ডিজিটেল সংবাদ নগাঁও: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে বৃহস্পতিবাৰৰ পুৱা ১০ বজাৰ পৰা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত আৰম্ভ কৰা ৩৬ ঘণ্টীয়া অনশন অব্যাহত আছে ৷ ইন্ধনজাতীয় সামগ্ৰীৰ লগতে নিত্যব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ চৰা দামে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়ত চৰকাৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাৰ প্ৰতিবাদ স্বৰূপে সংগঠনটোয়ে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে৷

ৰাইজৰ নাজল নাথল অৱস্থাত মূল্য বৃদ্ধি ঘটাই ৰাজকোষ ভৰালে ৰাইজে নাখায় মৰিব লাগিব বুলি সংগঠনটোৱে উল্লেখ কৰি চৰকাৰে সামগ্ৰীৰ ওপৰত মূল্যবৃদ্ধি ঘটাই জনসাধাৰণৰক মাধমাৰ দিয়া কাৰ্য গ্ৰহণযোগ্য নহয় বুলি কয় ৷ নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আয়োজন কৰা অনশনথলীত পেট্ৰ'ল,ডিজেল,মিঠাতেলৰ উপৰিও দাইল,আলু ,পিঁয়াজ আদি প্ৰতীকী ৰূপত প্ৰদৰ্শন কৰে।

উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি প্ৰদীপ শইকীয়া, প্ৰচাৰ সম্পাদক প্ৰবীন চন্দ্ৰ দাস,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মুকুট চন্দ্ৰ বৰাই ৷ প্ৰতিবাদত জিলা সমিতিৰ সমূহ বিষয়বৱীয়া উপস্থিত থকাৰ লগতে জিলা সমিতিৰ অন্তৰ্গত সমূহ আঞ্চলিক সমিতিৰ নেতা কৰ্মী অংশগ্ৰহণ কৰিছে ৷ শুকুৰবাৰে বিয়লি ভাগত এই প্ৰতিবাদী কাৰ্যসূচী অন্ত পৰিব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in