আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীত ধানখেতিৰ ওপৰত জ্ঞান আহৰণ আৰু পথাৰ পৰীক্ষণ বিষয়ক কৰ্মশালা…

আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীত ধানখেতিৰ ওপৰত জ্ঞান আহৰণ  আৰু পথাৰ পৰীক্ষণ বিষয়ক কৰ্মশালা…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীত বুধবাৰে ধানখেতিৰ ওপৰত জ্ঞান আহৰণ (Rice knowledge Bank) আৰু পথাৰ পৰীক্ষণ(Field testing) বিষয়ক এখনি কৰ্মশালা অনুষ্ঠিত হয়। কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ মূখ্য বিজ্ঞানী ড০ অমল চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কৰ্মশালা খনিত আমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ডঃ নিৰঞ্জন ডেকাই ধান সিচাঁৰ পৰা চপোৱালৈ বৰঞ্চ চপোৱাৰ পাছতো সকলো ক্ষেত্ৰতে কৃষক সকলে প্ৰযুক্তি প্ৰয়োগৰ দ্বাৰা উপযুক্ত জ্ঞান আহৰণ কৰি কৃষিকাৰ্য্য কৰিলে উৎপাদন বৃদ্ধি হব আৰু কৃষকৰ আয় দুগুণীকৰন হব বুলি মন্তব্য কৰে।

গৱেষণা সহায়ক বিপ্লৱ বৰুৱাই উদেশ্যে ব্যখ্যা কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ ৰাজ্যিক পৰামৰ্শদাতা তথা এপাৰ্টৰ নগাঁও জিলাৰ পৰামৰ্শদাতা ড০ অৰুনিমা দেৱচৌধুৰী আৰু গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ড০ পংকজ কুমাৰ দেৱচৌধুৰীয়ে ধানৰ জাত নিৰ্বাচন, কোনটো কিমান দিনীয়া ধান, মাটিৰ গুনাগুণ, বিশেষত্ব, ধান সিচাঁ পদ্ধতি আদি বিষয়ৰ ওপৰত পৰামৰ্শ আগবঢ়াই।

অনুষ্ঠানৰ শেষৰ ফালে আন্তৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী দিব্যঋষি ভট্টাচাৰ্যই "কৃষক সকলে নিজৰ হাতত থকা মবাইল ফোনৰ যোগেদি ধানখেতিৰ ওপৰত জ্ঞান আহৰণ (Rice knowledge Bank)ৰ এপপ ডাউনল'ড কৰি, উক্ত Rice knowledge Bank এপপৰ দ্বাৰা ধানৰ জাত, মাটিৰ গুনাগুণ, পোক পৰুৱা প্ৰতিৰোধ ক্ষমতা, সাৰ কেতিয়া ব্যৱহাৰ কৰিব, বেমাৰ আজাৰ, কোন অঞ্চলত কেনে ধান উপযোগী হয় আদি বিষয়ৰ প্ৰশিক্ষণ প্ৰদান কৰে।

অনুষ্ঠানটিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ প্ৰকল্প সহযোগী বিজ্ঞানী ড০ শৰ্মি গগৈ, প্ৰকল্প বিজ্ঞানী এলিজা বড়ো, কামপুৰ, চাংচকী, উধানতলা, শলগুৰি, বটদ্ৰৱা ৰাইডঙীয়া, নসত্ৰ, জাৰামাৰী আদি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক প্ৰগতিশীল কৃষক, নগাঁও জিলাৰ কৃষক উন্নয়ন সংস্থা(Farmer producer company)ৰ সঞ্চালক সকল, কৃষি সখী সকল উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in