এনেকৈয়ে চলি আছে চৰকাৰী শিক্ষানুষ্ঠান! নলবাৰীৰ ক্ষুদ্ৰকটৰা প্ৰাথমিক বিদ্যালয়ত নাই শিক্ষাৰ্থীৰ অনুপাতে শিক্ষক

এনেকৈয়ে চলি আছে চৰকাৰী শিক্ষানুষ্ঠান! নলবাৰীৰ ক্ষুদ্ৰকটৰা প্ৰাথমিক বিদ্যালয়ত নাই শিক্ষাৰ্থীৰ অনুপাতে শিক্ষক

ডিজিটেল সংবাদ, নলবাৰীঃ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ভাল শিক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে চৰকাৰী শিক্ষানুষ্ঠানৰ চৰম বিশৃংখলতাই এতিয়া চৰকাৰী শিক্ষাৰ প্ৰতি মোহভংগ ঘটাইছে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সমাজৰ। চৰকাৰৰ শিক্ষা বিভাগে শিক্ষা ক্ষেত্ৰত ন ন আঁচনি প্ৰস্তুত কৰি চৰাকীৰ শিক্ষানুষ্ঠানৰ শিক্ষাক উৰ্ধ্বমুখী যাত্ৰা প্ৰদান কৰা বুলি দাবী কৰিলেও ৰাজ্যৰ চুকে কোণে থকা বহু চৰকাৰী খণ্ডৰ বিদ্যালয় নিঃশেষ হোৱাৰ উপক্ৰম হৈছে।

কোনোবাখন বিদ্যালয়ত যদি নাই ছাত্ৰ-ছাত্ৰী, আন কোনোবাখনত নাই ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে পৰ্যাপ্ত শিক্ষক। চৰকাৰী শিক্ষা খণ্ডত হোৱা এনে বিশৃংখলতাই ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক ব্যক্তিগত শিক্ষানুষ্ঠানৰ 'ভাল শিক্ষা'ৰ প্ৰতি আকৰ্ষিত কৰিছে। নলবাৰী জিলাৰ ক্ষুদ্ৰকটৰা প্ৰাথমিক বিদ্যালয়খনতো এতিয়া সৃষ্টি হৈছে তেনে পৰিস্থিতিৰ।

উল্লেখ্য যে, ক্ষুদ্ৰকটৰা প্ৰাথমিক বিদ্যালয়খনত যোৱা প্ৰায় ডেৰটা বছৰে নাই ছাত্ৰ-ছাত্ৰীৰ অনুপাতে পৰ্যাপ্ত শিক্ষক। ৭০ৰোধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ণ কৰা এই চৰকাৰী খণ্ডৰ বিদ্যালয়খনত বৰ্তমান দুজন শিক্ষকে ৬টাকৈ শ্ৰেণীক পাঠদান কৰি আছে যদিও ইয়াৰে প্ৰধান শিক্ষয়িত্ৰী ডালিমী দাসে চলিত বছৰৰে ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিব।

বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে বৰ্তমান শিক্ষকৰ সংখ্যা মাত্ৰ দুজন হোৱাত শিক্ষানুষ্ঠানখনৰ শৈক্ষিক মানদণ্ড হ্ৰাস পোৱা বুলি অভিযোগ তুলিছে অভিভাৱক তথা স্থানীয় ৰাইজেও। যাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়খনৰ বহু ছাত্ৰ-ছাত্ৰীৰ নাম কৰ্তন কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুওৱাত মন দিছে বহু অভিভাৱকে।

বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ডালিমী দাসে জানিবলৈ দিয়া মতে, প্ৰাথমিক বিদ্যালয়খনত এগৰাকী নতুন শিক্ষক নিযুক্তিৰ দাবীৰে বিদ্যালয় পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজে নলবাৰী জিলা উপায়ুক্ত, বিধায়ক অশোক শৰ্মাৰ লগতে শিক্ষা বিভাগ তথা বিভাগীয় কৰ্তৃপক্ষক সাক্ষাৎ কৰে যদিও কোনেও নতুন শিক্ষক নিযুক্তিত গুৰুত্ব প্ৰদান কৰা নাই।

ইফালে প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ অৱসৰ গ্ৰহণ কৰিবলৈ মাজত মাত্ৰ দুমাহ বাকী আছে। তেনে ক্ষেত্ৰত প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ অৱসৰৰ পিছত বিদ্যালয়খনৰ আটাইকেইটা শ্ৰেণীৰ সত্তৰৰো অধিক ছাত্ৰ-ছাত্ৰীক অকলেই পাঠদান কৰিব লাগিব বৰ্তমানৰ সহঃ শিক্ষক ৰতন বৰ্মনে।

উল্লেখ্য যে, ২০১৭ চনৰ ১৭ ডিচেম্বৰতে অৱসৰ গ্ৰহণ কৰিছিল বিদ্যালয়খনৰ সহঃ শিক্ষক সাধন দেৱনাথে। তেতিয়াৰে পৰা প্ৰধান শিক্ষয়িত্ৰী ডালিমী দাসে ২ টা শ্ৰেণী আৰু সহকাৰী শিক্ষক ৰতন বৰ্মনে ৪টা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাই আহিছে।

অন্যহাতে বিদ্যালয়খনৰ বাবে নিযুক্ত এজন শিক্ষকৰ নাম বিভাগীয় কৰ্তৃপক্ষই কৰ্তন কৰি অন্য বিদ্যালয়ত নিযুক্তি প্ৰদান কৰাৰ অভিযোগ উঠিছে। শিক্ষানুষ্ঠানখনৰ বাবে থকা শিক্ষকৰ খালী পদটোও শিক্ষা বিভাগে বাতিল কৰা বুলি জানিবলৈ দিয়ে প্ৰধান শিক্ষয়িত্ৰী ডালিমী দাসে।

ক্ষুদ্ৰকটৰা প্ৰাথমিক বিদ্যালয়খনত শিক্ষকক লৈ সৃষ্টি হোৱা এনে চৰম বিশৃংখলতাই ক্ষোভিত কৰিছে স্থানীয় ৰাইজকো। স্থানীয় ৰাইজে বিদ্যালয়খনত শীঘ্ৰে কমেও এগৰাকী শিক্ষকক নিযুক্তি প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in