বিগত ৭ দিনত ১৮০ খন জিলাত নতুনকৈ কোভিডত কোনো লোক আক্ৰান্ত হোৱা নাই : হৰ্ষবৰ্ধন

বিগত ৭ দিনত ১৮০ খন জিলাত নতুনকৈ কোভিডত কোনো লোক আক্ৰান্ত হোৱা নাই : হৰ্ষবৰ্ধন

ডিজিটেল ডেস্ক : দেশৰ শেহতীয়া কোভিড পৰিস্থিতি সন্দৰ্ভত শনিবাৰে মন্ত্ৰী গোটৰ সৈতে এক আলোচনাত মিলিত হয় কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধন । জনসাধৰনক কোভিড ভেকচিনৰ দ্বিতীয় ডোজ গ্ৰহন কৰিবলৈ আহ্বান জনাই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ।

বৈঠক কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে ২৪ ঘণ্টাত কোৰোনাত আক্ৰান্ত ৰোগীৰ আৰোগ্য বৃদ্ধি পাইছে আৰু ৩ লাখ লোক কোভিডত আক্ৰান্ত হৈ আৰোগ্য হৈছে। ১৮০ খন জিলাত বিগত ৭ দিনত কোনো নতুনকৈ কোভিডত আক্ৰান্ত হোৱা নাই ।

আনহাতে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে –  যোৱা ১৪ দিন ধৰি ১৮ খন জিলা,২১ দিন ধৰি ৫৪ খন জিলাত, ২৮ দিন ধৰি ৩২ খন জিলাত নতুন কোনো কোনো কোভিডত আক্ৰান্ত হোৱা নাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in