কৃষকৰ বিক্ষোভক নিৰ্বাচনৰ আহিলা নাসাজিবঃ নিৰ্মলা সীতাৰমণ…

কৃষকৰ বিক্ষোভক নিৰ্বাচনৰ আহিলা নাসাজিবঃ নিৰ্মলা সীতাৰমণ…

ডিজিটেল ডেস্কঃ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে শনিবাৰে লোকসভাত ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটৰ সন্দৰ্ভত অব্যাহত থকা আলোচনাৰ উত্তৰত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক লক্ষ্য কৰি লয়। তেওঁ কৃষকসকলৰ আন্দোলন বিষয়ত ৰাহুল গান্ধীয়ে কৰা মন্তব্য ৰ প্ৰতুত্যৰ দিয়ে নিজৰ ভাষণ প্ৰসংগত।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে "কংগ্ৰেছে নিৰ্বাচনত জয়ী হ'বলৈ কৃষক আইন খনত মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে মধ্য প্ৰদেশ আৰু ৰাজস্থানত চৰকাৰ খনে নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে কৰ ৰেহাই দিয়া নাছিল। বিত্তমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ নেতাজনক অপপ্ৰচাৰ নকৰিবলৈয়ো সঁকিয়াই দিয়ে।

বিত্তমন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে দুখীয়া জনসাধাৰণ চৰকাৰৰ বন্ধু আৰু চৰকাৰে নিশ্চয়কৈ তেওঁলোকৰ বাবে কাম কৰিব। তেওঁ চৰকাৰ খনে বিভিন্ন সময়ত দুখীয়া লোকৰ বাবে প্ৰণয়ন কৰা আঁচনি সমূহৰ প্ৰসংগও উল্লেখ কৰি পুনৰ কয় যে এই জনমূখী চৰকাৰ সদায় দেশৰ জনসাধাৰণৰ বাবে কাম কৰি যাব। ইয়াক নিৰ্বাচনৰ ইচ্ছ্যু সজোৱাৰ প্ৰয়োজন নাই বুলিও মন্তব্য কৰে তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in