/asomiyapratidin/media/media_files/2025/09/12/yhhhd-2025-09-12-13-23-45.jpg)
ডিজিটেল ডেস্কঃ ২০শতাংশ ইথানল মিশ্ৰিত পেট্ৰলক লৈ প্ৰতিটো খোজতে কটাক্ষৰ সন্মুখীন হৈছে কেন্দ্ৰীয় পথ তথা পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে একাংশ প্ৰতিষ্ঠান আৰু নিজ পৰিয়ালৰ ব্যৱসায়িক স্বাৰ্থ সিদ্ধি কৰিবলৈ এই সিদ্ধান্ত লোৱা বুলি অভিযোগ উত্থাপিত কৰিছে বিৰোধীয়েও। তীব্ৰ কটাক্ষ আৰু বিৰ্তকৰ অন্তত মুখ খুলিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই সমগ্ৰ বিষয়ৰ ওপৰত প্ৰথমটো প্ৰতিক্ৰিয়া দি কয় যে, একাংই পেইড কেম্পেইনৰ যোগেদি মোক ৰাজনৈতিকভাৱে লক্ষ্য কৰি লৈছে আৰু মোক বদনাম কৰিব বিচাৰিছে। তেওঁ লগতে কয়- পেট্ৰ'লত ইথানল মিহলি কৰা সিদ্ধান্তৰ সৈতে জৰিত হৈ আছে আমদানিৰ বিকল্প চিন্তা, বহনক্ষম খৰছ, প্ৰদূষণমুক্ত পৰিৱেশ আৰু থলুৱা প্ৰতিষ্ঠানক উদগণি দিয়াৰ চিন্তা।
এই সমগ্ৰ প্ৰক্ৰিয়াটো যে কোৱো বিসংগতি নাই সেই কথা ইতিমধ্যে অটোমোবাইল নিৰ্মাতা আৰু অটোমটিভ ৰিচাৰ্ছ এচোছিয়েশ্যন তথ্য প্ৰকাশ কৰাৰ কথাও সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এই সকলোবোৰ তথ্য ৰাজহুৱা হোৱাৰ পাছতো একাংশই কেৱল মাত্ৰ ধনৰ বিনিময়ত মোক লক্ষ্য কৰি লৈছে আৰু মোৰ বিৰুদ্ধে এক ঋণাত্মক কেম্পেইন আৰম্ভ কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, আমাৰ এই সিদ্ধান্তৰ পৰা দেশৰ কৃষকসকলো লাভৱান হ'ব। আমি কৃষকৰ পৰা মাকৈ ক্ৰয় কৰিছো আৰু ইথানল প্ৰস্তুত কৰিছো। যাৰ বাবে কৃষকসকলে ৪৫হাজাৰ কোটি টকা লাভ কৰিছে। প্ৰদূষণৰ দৃষ্টিকোণৰ পৰাও আমাৰ এই সময়োপযোগী। দিল্লীত এনেদৰে যদি প্ৰদূষণ হৈ থাকে তেন্তে দিল্লীবাসীৰ জীৱন ১০বছৰ হ্ৰাস পাব বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। তেনে স্থলত প্ৰদূষণমুক্ত ইন্ধনৰ ব্যৱহাৰ কৰাত অসুবিধা ক'ত?
এই ইথানল মিশ্ৰিত পেট্ৰলে কাৰ্বন নিগৰ্মণ হ্ৰাস কৰিব বুলিও যুক্তি দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। বায়ু আৰু ইন্ধনৰ মিশ্ৰণৰ ঘনত্ব বৃদ্ধি পোৱাৰ কথা কেন্দ্ৰীয়মন্ত্ৰীগৰাকীয়ে নিজ বক্তব্যত উল্লেখ কৰে। ভাৰতৰ থলুৱা উদ্যোগে এই প্ৰক্ৰিয়াৰ দ্বাৰা লাভৱান হোৱাৰ লগতে পৰিৱেশ আৰু বাহনৰ গৰাকী সকলেও লাভৱান হ'ব বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে।