পুনৰ ফাঁচী পিছুৱাব নেকি নিৰ্ভয়া কাণ্ডৰ দোষীৰ? পৱন গুপ্তাই দাখিল কৰিছে নতুন ক্ষমাৰ আবেদন…

পুনৰ ফাঁচী পিছুৱাব নেকি নিৰ্ভয়া কাণ্ডৰ দোষীৰ? পৱন গুপ্তাই দাখিল কৰিছে নতুন ক্ষমাৰ আবেদন…

ডিজিটেল ডেস্কঃ ২০১২ চনৰ দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ ৪ অপৰাধীৰ ফাঁচী পুনৰ পিছুৱাব নেকি? সেই প্ৰশ্ন এতিয়া পুনৰ এবাৰ উত্থাপন হৈছে। দিল্লীৰ এখন সত্ৰ আদালতে শেহতীয়াকৈ নতুন ডেথ ৱাৰেণ্ট জাৰি কৰিছিল ৪ অপৰাধীৰ বিৰুদ্ধে। সেই অনুসৰি অহা ৩ মাৰ্চৰ পুৱা ৬ বজাত ৪ দোষীক ফাঁচী প্ৰদানৰ কথা।

কিন্তু ফাঁচী প্ৰদানৰ দিন চমু অহাৰ লগে লগে ন ন আইনী বিকল্পৰ ব্যৱহাৰেৰে ফাঁচীৰ তাৰিখ পিছুৱাই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে দোষীৰ অধিবক্তাই। শনিবাৰে নিৰ্ভয়া কাণ্ডৰ দোষী অক্ষয় ঠাকুৰে দাখিল কৰিছে নতুন ক্ষমাৰ আবেদন।

দোষী অক্ষয়ে নতুন ক্ষমাৰ আবেদন দাখিল কৰি কয় যে তাৰ পূৰ্বৰ ক্ষমাৰ আবেদন এইবাবেই খাৰিজ হৈছিল, কিয়নো তাত সকলোবোৰ তথ্য নাছিল। যাৰ বাবে নতুন আবেদন দাখিল কৰি ফাঁচীৰ শাস্তিৰ পৰা ৰেহাই ভীক্ষা বিচাৰিছে দোষী অক্ষয় ঠাকুৰে।

আনহাতে দোষী পৱন গুপ্তাই ন্যায়ালয়ত দাখিল কৰা কিউৰেটিভ আবেদনৰ সোমবাৰে শুনানি গ্ৰহণ কৰিব উচ্চম ন্যায়ালয়ে। দোষীৰ অধিবক্তা এ পি সিঙে এই সন্দৰ্ভত কয় যে পৱন গুপ্তাৰ ফাঁচীৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈ সলনি কৰাৰ বাবে আদালতত আবেদন জনোৱা হৈছে। সোমবাৰে উচ্চতম ন্যায়ালয়ৰ নায়াধীশ বি আৰ ৰমানাৰ অধ্যক্ষতাৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in