নীৰৱ মোডীক জামিন আবেদন খাৰিজ, ২৯ মাৰ্চ পৰ্যন্ত লণ্ডন আৰক্ষীৰ জিম্মাত

নীৰৱ মোডীক জামিন আবেদন খাৰিজ, ২৯ মাৰ্চ পৰ্যন্ত লণ্ডন আৰক্ষীৰ জিম্মাত

ডিজিটেল ডেস্কঃ পঞ্জাৱ নেশ্যনেল বেংক কেলেংকাৰীৰ মুখ্য অভিযুক্ত হীৰা ব্যৱসায়ী নীৰৱ মোডীৰ জামিন আবেদন লণ্ডণৰ ৱেষ্টমিনিষ্টাৰ আদালতে খাৰিজ কৰিছে। আদালতে নীৰৱ মোডীক ২৯ মাৰ্চ পৰ্যন্ত লণ্ডন আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিলে। লগতে আদালতৰ শুনানিকালত নীৰৱ মোডীয়ে পলায়ন কৰাৰো সম্ভাৱনা ব্যক্ত কৰি ন্যায়াধীশে কঠোৰ দৃষ্টি ৰাখিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, ভাৰতৰ পৰা পলায়ন কৰি লণ্ডনত বাস কৰি থকা নীৰৱ মোডীক মঙলবাৰে অক্সফ'ৰ্ড ষ্ট্ৰীটত ঘূৰি ফুৰা প্ৰত্যক্ষ কৰাৰ পিছতে লণ্ডন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে বুধবাৰে মোডীক আদালতত হাজিৰ কৰোৱা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in