হিংসাত্মক ঘটনাত গৃহহাৰা হোৱা সকলৰ বাবে বনোৱা হৈছে আশ্ৰয় শিবিৰঃ অৰবিন্দ কেজৰিৱাল…

হিংসাত্মক ঘটনাত গৃহহাৰা হোৱা সকলৰ বাবে বনোৱা হৈছে আশ্ৰয় শিবিৰঃ অৰবিন্দ কেজৰিৱাল…

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে কয় যে, হিংসাত্মক ঘটনাত নিহত আৰু আহত লোকসকলৰ পৰিয়াললৈ ঘোষণা কৰা সাহায্যসমূহ প্ৰদানৰ বাবে কাম আৰম্ভ কৰা হৈছে। এক সংবাদমেলত মুখ্যমন্ত্ৰী কেজৰিৱালে কয়- '১৮ এছ ডি এম পদত নিযুক্তি প্ৰদান কৰা হৈছে। তদুপৰি হিংসাত্মক ঘটনাৰ ফলত গৃহহাৰা হোৱা লোকসকলৰ বাবে আশ্ৰয় শিবিৰ বনোৱা হৈছে।'

সংবাদমেলত অৰবিন্দ কেজৰিৱালে লগতে ঘোষণা কৰে যে, 'হিংসাত্মক ঘটনাত যিসকল লোকৰ বাসগৃহ জ্বলাই দিয়া হৈছে, তেওঁলোকক ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব। লগতে তেওঁলোকক বিনামূলীয়া খাদ্যও যোগান ধৰা হ'ব। এন জি অ', আৰ ডব্লিউ এ আৰু বিধায়ক সকলে খাদ্য বিতৰণ কৰাত সহায় কৰিব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in