বালাঘাট জিলাত নৈশ সান্ধ্য আইন ঘোষণা জিলা প্ৰশাসনৰ…

বালাঘাট জিলাত নৈশ সান্ধ্য আইন ঘোষণা জিলা প্ৰশাসনৰ…

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰত পুনৰ বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ । কোৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে সকলো সম্ভৱ পদক্ষেপ গ্ৰহণ কৰিছে। অমৰাবতীত এসপ্তাহৰ লকডাউনৰ ঘোষণা কৰা হৈছে । ইফালে মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশৰ সীমান্তৱৰ্তী বালাঘাট জিলাত নৈশ সান্ধ্য আইন ঘোষণা কৰা হৈছে। নিশা ১০ বজাৰ পৰা ৰাতিপুৱা ৬ বজালৈ ঘোষনা কৰা হৈছে নৈশ সান্ধ্য আইন । ইফালে জিলাখনত ১৪৪ ধাৰা ঘোষণা কৰা হৈছে ।

বালাঘাট জিলা দণ্ডাধীশ দীপক আৰ্যই মঙলবাৰে এই নিৰ্দেশনা জাৰি কৰে ।নিৰ্দেশনাত মহাৰাষ্ট্ৰত কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱা বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি উল্লেখ কৰিছে । ইফালে জনসাধৰনক সকলো কোভিড প্ৰট'কল মানি চলিবলৈ আহ্বান জনোৱা হৈছে লগতে ৰাজহুৱা কাৰ্যসূচী প্ৰশাসনৰ পৰা অনুমতি ল'ব লাগিব জনসাধৰণে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in