প্ৰিয়ংকাক মুম্বাইতে এৰি অকলে স্বগৃহলৈ উভতিল নিক

প্ৰিয়ংকাক মুম্বাইতে এৰি অকলে স্বগৃহলৈ উভতিল নিক

ডিজিটেল ডেস্কঃ ২ ডিচেম্বৰত বিয়া হৈ গ'ল। তাৰপিছতে ভীষণ ব্যস্ততা। বিয়াৰ অভ্যৰ্থনা, শ্বুটিং আদিক লৈ ব্যস্ত নৱ দম্পতী প্ৰিয়ংকা-নিক। বিয়াৰ পিছৰে পৰা বিছৰাধৰণে ইজনে সিজনৰ সৈতে সময় কটাব পৰা নাই প্ৰিয়ংকা-নিকে।

স্বামী নিকৰ যেতিয়া কাম নাথাকে, সেই সময়ত ব্যস্ত হৈ পৰে প্ৰিয়ংকা। মুঠৰ ওপৰত ব্যস্ত নৱ-দম্পতীৰ সময়ৰ নিমিলা অংক। ইয়াৰ মাজতে তেওলোক দুয়োকে দেখা গল মুকেশ আম্বানীৰ জীয়াৰী বিয়াৰ পাৰ্টিত। বিয়াৰ পাছত বিশেষ কামত ব্যস্ত নাছিল যদিও বুধবাৰে নিশাই নিজৰ কামত আমেৰিকালৈ উৰা মাৰিলে নিক।

বিয়াৰ কেইদিন মানৰ পাছত ন-বিবাহিতা পত্নীক মুম্বাইতে এৰি নিকৰ এই আমেৰিকা যাত্ৰা। ছবিৰ কিছু কামৰ বাবে নিকৰ সৈতে আমেৰিকালৈ যাব নোৱাৰিলে প্ৰিয়ংকা। এক বিশেষ সুত্ৰৰ খবৰ অনুসৰি বুধবাৰে নিশা বিমান বন্দৰত আৱেগিক হৈ পৰিছিল প্ৰিয়ংকা। উল্লেখ্য যে, যোৱা ২ ডিচেম্বৰত প্ৰিয়ংকা আৰু নিক বিবাহপাশত আৱদ্ধ হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in