মুম্বাইৰ এন আই এ টীমৰ জালত ৱাণ্টেড কালিয়া…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ বুধবাৰে অপৰাধী তাহিৰ ওৰফে কালিয়া ওৰফে কালুক এন আই এৰ এটা গোটে জুনাগড়ত জাল নোট সৰবৰাহৰ সন্দৰ্ভত গোচৰ নং ৩৫/২০১৮/এন আই এ/ডি এল আই অধীনত মালদাত গ্ৰেপ্তাৰ কৰে। ২০ ফেব্ৰুৱাৰী অৰ্থাৎ বুধবাৰে মুম্বাই ব্ৰাঞ্চৰ এন আই এৰ গোটটোৱে ধৃত কালিয়াক মালদাৰ জোয়েনপুৰ গ্ৰাম পঞ্চায়তৰ অন্তৰ্গত কালিয়াচকাত গ্ৰেপ্তাৰ কৰে বুলি এক প্ৰেছবিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে।বৃহৎ পৰিমাণৰ বিদেশৰ জাল নোট সৰবৰাহ আৰু ক্ৰয় কৰা ঘটনাৰ সৈতে জড়িত কালিয়া ওৰফে তাহিৰ।

প্ৰেছ বিজ্ঞপ্তিখনত উল্লেখ কৰা অনুসৰি, গুজৰাটৰ লগতে ভাৰতৰ বিভিন্ন স্থানলৈ পশ্চিমবংগৰ পৰা জাল নোট সৰবৰাহ কৰিছিল তাহিৰে। তাৰোপৰি এই ঘটনাৰ সৈতে জড়িত অপৰাধীৰ এটা দলৰ বিৰুদ্ধেও ৰুজু কৰা হৈছে গোচৰ। সমগ্ৰ ঘটনাৰ তদন্তত এই কথা পোহৰলৈ আহে যে- তাহিৰ ওৰফে কালিয়াই পশ্চিমবংগৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ জাল নোটৰ মূল সৰবৰাহকাৰী। আৰু তাহিৰ বহু সময়ৰ পৰা পলাতক হৈ আছে।

ইয়াৰ পূৰ্বে, ২০১৯ৰ ১৫ জানুৱাৰীত এন আই এ আহমেদাবাদ বিশেষ আদালতত এন আই এ-য়ে অপৰাধী মোহনভাই দেৱদিয়া ওৰফে সঞ্জয়কুমাৰ মোহনভাই দেৱলিয়া (এ-১) আৰু সুৰেশভাই মৱাজীভাই লঠিয়াদিয়া ওৰফে গুৰুজী ওৰফে চকোৰ বিৰুদ্ধে জাল নোট সৰবৰাহৰ সন্দৰ্ভত ইউ/এছ ৪৮৯ বি, ৩৮৯ চি আৰু ১২০ বি নম্বৰ চাৰ্জশ্বীট দাখিল কৰিছিল।

উল্লেখ্য যে, গ্ৰেপ্তাৰ কৰা ধৃত তাহিৰ ওৰফে কালিয়াক ট্ৰাঞ্জিত ৰিমাণ্ডৰ বাবে বুধবাৰে পশ্চিমবংগৰ মালদাৰ মুখ্য ন্যায়াধীশৰ সন্মুখত হাজিৰ কৰোৱা হয়। আৰু শীঘ্ৰে কালিয়াক জালত নোটৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে আৰক্ষী জিম্মাত ল'বলৈ গুজৰাটৰ আহমেদাবাদস্থিত এন আই এৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in