নিউজিলেণ্ডত বন্ধ কৰি দিয়া হৈছে সকলো মছজিদ…

নিউজিলেণ্ডত বন্ধ কৰি দিয়া হৈছে সকলো মছজিদ…

ডিজিটেল ডেস্কঃ নিউজিলেণ্ডৰ কায়স্তাচাৰ্চত দুৰ্বৃত্তই গুলীচালনা কৰাৰ পাছতেই দেশখনৰ নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ দেশতেই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। দুটাকৈ মছজিদত দুৰ্বৃত্তই ধাৰাসাৰ গুলীবৰ্ষণ কৰি চলোৱা আক্ৰমণত হতাহত লোকৰ সংখ্যা ২০ৰো অধিক হ'ব বুলি স্থানীয় সংবাদমাধ্যম প্ৰকাশ।

উল্লেখযোগ্য যে, এই আক্ৰমণৰ সৈতে জড়িত ৪জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। এটা মছজিদত আক্ৰমণকাৰীয়ে আক্ৰমণ সংঘটিত কৰাৰ সময়ত ভিতৰত আছিল নিউজিলেণ্ডৰ ভ্ৰমণলৈ যোৱা বাংলাদেশৰ জাতীয় ক্ৰিকেট দলটো। আক্ৰমণৰ পাছতেই শনিবাৰৰ পৰা নিউজলেণ্ডৰ বিৰুদ্ধে হ'ব লগা টেষ্ট মেচখন বাতিল কৰা হৈছে।

আই চি চিৰ মুখ্য কাৰ্যবাহী ডেভিড বিচাৰ্জনে এই ঘটনাক গৰিহণা দিয়াৰ লগতে দুয়ো দেশৰ খেলুৱৈ আৰু দলটোৰ কৰ্মকৰ্তাসকলে সুৰক্ষিত বুলি জনাইছে। নিউজিলেণ্ড ক্ৰিকেট বৰ্ডে টেষ্ট মেচখন বাতিলৰ সিদ্ধান্তক সমৰ্থন দিছে আই চি চি মুৰব্বীগৰাকীক। ইফালে, এই আক্ৰমণৰ পাছতেই আন স্থানত মছজিদক লক্ষ্য কৰি আক্ৰমণ কৰা আশংকাত নিউজিলেণ্ডৰ চৰকাৰে দেশখনত থকা মছজিদ সমূহ বন্ধ কৰি ৰাখিবলৈ আৰু কোনো লোক সমবেত নোহোৱাকৈ তৎকালীন নিৰ্দেশ জাৰি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in