কাহিলীপাৰালৈ এতিয়াও এঘন্টাৰ বাট...

কাহিলি পুৱাতে জুবিন গাৰ্গৰ নশ্বৰ দেহ কাহিলীপাৰা বাসভৱন পোৱাৰ কথা আছিল। কিন্তু প্ৰায় ১২বজালৈকে জুবিন গাৰ্গৰ পাৰ্থিৱ দেহ কঢ়িয়াই অনা এম্বুলেন্স তেওঁৰ ঘৰৰ পোৱা নাই। শেহতীয়া খবৰ অনুসৰি,

author-image
Asomiya Pratidin
New Update
yhhhd

ডিজিটেল ডেস্কঃ কাহিলি পুৱাতে জুবিন গাৰ্গৰ নশ্বৰ দেহ কাহিলীপাৰা বাসভৱন পোৱাৰ কথা আছিল। কিন্তু প্ৰায় ১২বজালৈকে জুবিন গাৰ্গৰ পাৰ্থিৱ দেহ কঢ়িয়াই অনা এম্বুলেন্স তেওঁৰ ঘৰৰ পোৱা নাই। শেহতীয়া খবৰ অনুসৰি, কাহিলীপাৰালৈ এতিয়াও প্ৰায় এঘন্টাৰ বাট প্ৰয়োজন হ'ব। 

উল্লেখযোগ্য যে অভূৰ্তপূৰ্ব জনসমুদ্ৰ ফালি অতি লাহে লাহে আগবাঢ়িব লগা হৈছে জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িওৱা এম্বুলেন্সখন। বিমান বন্দৰৰ পৰা জালুকবাৰীৰ লখৰা হৈ এম্বুলেন্সখন আগবঢ়াৰ সময়ত পথ দুয়োকাষে ৰৈ লাখ লাখ জনতাই প্ৰিয় শিল্পীজনক শেষ বিদায় জনোৱাৰ লগতে শেষ দৰ্শনৰ বাবে হেচাঁ-ঠেলা কৰা দৃশ্য পৰিলক্ষিত হয়।

বৰঝাৰ বিমান বন্দৰত জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই অনা বিমানখন পোৱাৰ পূৰ্বেই সেই স্থানত উপস্থিত হোৱা অনুৰাগীসকলে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। আৰক্ষীয়ে তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ লাঠীচালনা কৰিব লগা হৈছিল। 

বৰঝাৰত বিমান অৱতৰণ কৰাৰ পাছত পুৱা ৭বজাত জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ ফুলেৰে সজ্জিত এম্বুলেন্স ওলাই আহিছিল। ইতিমধ্যে ৫ঘন্টা অতিক্ৰম কৰিছে এই অন্তিম যাত্ৰাই। 

জুবিন গাৰ্গ